ETV Bharat / state

বাঘজান কাণ্ডঃ সাহাৰ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰাইজৰ - ptrotest at tinsukia baghjan against goverment

বৃহস্পতিবাৰে বাঘজান মিলনজ্যোতি সংঘৰ প্ৰতিবাদ সাব্যস্ত কৰে বাঘজানবাসীয়ে ৷ প্ৰায় তিনিমাহ ধৰি অহৰহ ভাৱে জুই জ্বলি থকাৰ পিছতো অইল কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাৰ লগতে ক্ষতিগ্ৰস্ত বাঘজানবাসীক কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰাৰ বাবেই তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

বাঘজান কাণ্ড
বাঘজান কাণ্ডঃ সাহাৰ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ স্থানীয়ৰ
author img

By

Published : Aug 27, 2020, 6:40 PM IST

তিনিচুকীয়া, 27 আগষ্টঃ তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বাঘজান মিলনজ্যোতি সংঘৰ উদ্যোগত স্থানীয় ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে ৷ প্ৰায় তিনিমাহ ধৰি অহৰহভাৱে জুই জ্বলি থকাৰ পিছতো অইল কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাৰ লগতে ক্ষতিগ্ৰস্ত বাঘজানবাসীক কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত শিৱিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰে বাঘজানবাসীয়ে । বৃহস্পতিবাৰে বাঘজান মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত বাঘজানবাসীয়ে সাব্যস্ত কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰে আছু, মৰাণ ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন আদি কেইবাটাও সংগঠনে ।

বাঘজান কাণ্ডঃ সাহাৰ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ স্থানীয়ৰ

উল্লেখযোগ্য যে, প্ৰায় তিনিটা মাহ ধৰি অহৰহভাৱে জ্বলি আছে বাঘজান 5 নং তৈলখাদৰ অভিশপ্ত জুই । বাৰে বাৰে জুই নিয়ন্ত্ৰনত বিফল হৈছে বিদেশী বিশেষজ্ঞ, ONGC ৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ । বাঘজানৰ তেলখাদৰ জুই শীঘ্ৰে নিৰ্বাপন, বাঘজানৰ ক্ষতিগ্ৰস্থ পৰিয়ালক তৎকালে ক্ষতিপূৰণ দিয়াৰ লগতে পূৰ্বৰ দাবী আৰু প্ৰতিশ্ৰুতি পূৰণৰ দাবীৰে বাঘজানবাসীয়ে এনেদৰে উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

লগতে পঢ়কঃ ৰাহুল গান্ধীৰ স্থান আন কোনো লোকে ল'ব নোৱাৰে: ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.