ডুমডুমা, 19 চেপ্টেম্বৰ : জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ডুমডুমাত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৷ শনিবাৰে চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলাখনৰ সমূহ আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
ইপিনে চুতীয়া জনজাতিক জনজাতিকৰনৰ মৰ্যদা প্ৰদান নকৰিলে তথা স্বায়ত্ব শাসন মৰ্যদা যদি প্ৰদান নকৰে তেন্তে অনাগত সময়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷ ইফালে অহা 30 তাৰিখৰ পৰা সমগ্ৰ অসমতে ধৰ্মঘট কাৰ্যৰ্সূচী আৰম্ভ হ’ব বুলিও দাবী উত্থাপন কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক : চানডুবিত গুলীবিদ্ধ হাতী পোৱালি উদ্ধাৰ