ETV Bharat / state

ডুমডুমাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম - কাকজান গাওঁ পঞ্চায়ত

ডুমডুমাৰ কাকজান গাওঁ পঞ্চায়ত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱা অভিযোগ স্থানীয় ৰাইজৰ ৷ উক্ত ঘটনাৰ বিৰুদ্ধে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাইজৰ । অতি শীঘ্ৰে ঘটনাটো বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

ETV BHARAT
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম
author img

By

Published : May 21, 2020, 4:58 PM IST

ডুমডুমা,21মেঃ ডুমডুমাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত অনিয়মৰ অভিযোগ । উক্ত ঘটনাৰ বিৰুদ্ধে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন স্থানীয় ৰাইজৰ ।

লক ডাউনৰ মাজতেই তিনিচুকীয়াৰ ডুমডুমাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, কাকজান গাওঁ পঞ্চায়তৰ চুকৰেটিং-শীতলপাটী গাঁৱৰ বাবে অনুমোদন হোৱা পথ বৰডুবি গাওঁ পঞ্চায়তত নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩,৪৯,৫৫,৪৭১ টকা ব্যয় সাপেক্ষে চুকৰেটিং-শীতলপাটী গাঁৱত নিৰ্মাণ হ'বলগীয়া পথটোৰ প্ৰথমে জোখ-মাপ কৰিছিল যদিও পৰৱৰ্তী সময়ত আচৰ্যজনকভাৱে বৰডুবি গাওঁ পঞ্চায়তৰ বাদলাভেটা চাহ বাগিছাত পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম

একাংশ ৰাজনৈতিক ব্যক্তিৰ লগতে ঠিকাদাৰে কু-চক্ৰান্তৰে পথটো অন্য স্থানত নিৰ্মান কৰিবলৈ লোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । অন্যহাতে, ঠিকাদাৰ উৎপল বৰদলৈ আৰু লালন মৰাণৰ বিৰুদ্ধে প্ৰসাশনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ লগতে চুকৰেটিং-শীতলপাটী গাঁৱৰ পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক- তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.