ETV Bharat / state

তিনিচুকীয়াত পাইপ লাইন বিস্ফোৰণঃঅহৰ্নিশে নিৰ্গত গেছ

২৪ ঘন্টা উকলি যোৱাৰ পাছতো নিৰ্গত গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই ৷ যাৰ বাবে এতিয়া আতংকত ভুগিছে স্থানীয় ৰাইজ ৷ তৈলখাদটোৰ পৰা তেল সংমিশ্ৰিত গেছ নিৰ্গত হোৱাৰ ফলত বাঘজান অঞ্চলৰ খাল-বিল,গছ-গছনি কাষৰীয়া ডিব্ৰু নৈৰ পানী ভয়ংকৰ ভাৱে এতিয়া প্ৰদূষিত কৰি তুলিছে। নিৰ্গমন হোৱা গেছে অঞ্চলটোৰ জীৱকুলৰ প্ৰতি তীব্ৰ সংকট নমাই অনাৰ লগতে দুই-এক পশুধনৰো মৃত্যু হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

pipeline explosion at Tinsukia
তিনিচুকীয়াত পাইপ লাইন বিস্ফোৰণঃঅহৰ্নিশে নিৰ্গত গেছ
author img

By

Published : May 28, 2020, 8:05 PM IST

তিনিচুকীয়ে,28মে': তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ অইলৰ চূড়ান্ত গাফিলতিত পাইপ লাইন বিস্ফোৰণ হোৱাৰ ফলত অহৰহভাৱে নিৰ্গত হৈ আছে গেছ৷জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইলৰ 5 নম্বৰ তৈলখাদত বুধবাৰে পুৱাই পাইপ লাইন বিস্ফোৰণ হোৱাত অহৰ্নিশে নিৰ্গত হয় গেছ ৷ কিন্তু আজি ২৪ ঘন্টা উকলি যোৱাৰ পাছতো নিৰ্গত গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই৷যাৰ বাবে এতিয়া আতংকত ভুগিছে স্থানীয় ৰাইজ ৷ তৈলখাদটোৰ পৰা তেল সংমিশ্ৰিত গেছ নিৰ্গত হোৱাৰ ফলত বাঘজান অঞ্চলৰ খাল-বিল,গছ-গছনি কাষৰীয়া ডিব্ৰু নৈৰ পানী ভয়ংকৰ ভাৱে এতিয়া প্ৰদূষিত কৰি তুলিছে। নিৰ্গমন হোৱা গেছে অঞ্চলটোৰ জীৱকুলৰ প্ৰতি তীব্ৰ সংকট নমাই অনাৰ লগতে দুই-এক পশুধনৰো মৃত্যু হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ ইপিনে নিৰ্গত হৈ থকা গেছে যিকোনো মূহুৰ্ততে অঞ্চলটোত ভয়াৱহ অগ্নিকাণ্ডৰ সূত্ৰপাত সংঘটিত কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰি নিৰ্গত গেছ শীঘ্ৰেই বন্ধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত স্থানীয় পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষক দাবী জনাইছে মৰাণ ছাত্ৰ সন্থাই৷

তিনিচুকীয়াত পাইপ লাইন বিস্ফোৰণঃঅহৰ্নিশে নিৰ্গত গেছ

লগতে পঢ়কঃকিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.