ETV Bharat / state

Namsai Kidnapping case: কোনে অপহৰণ কৰিলে তেল ডিপোৰ কৰ্মচাৰীক ? - Kidnapping at Arunachal

আজিও সম্ভেদ নাই নামচাই জিলাৰ চৌখামৰ তেলৰ ডিপোৰ পৰা অপহৃত কৰ্মচাৰী দীনেশ শৰ্মাৰ (Kidnapping at Namsai) । ৩ অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়া দীনেশ শৰ্মাক অপহৰণ কৰি নিয়াৰ দৃশ্য বন্দী CCTV কেমেৰাত । অপহৃত লোকজনক বিচাৰি কাষৰীয়া ঘন বনাঞ্চলসমূহতো অভিযান চলাইছে আৰক্ষীয়ে ।

Petrol Pump Cashier Kidnapped at Namsai
কোনে অপহৰণ কৰিলে তেল ডিপোৰ কৰ্মচাৰীক
author img

By

Published : Apr 28, 2023, 12:57 PM IST

কোনে অপহৰণ কৰিলে তেল ডিপোৰ কৰ্মচাৰীক

তিনিচুকীয়া,২৮ এপ্ৰিল: অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামৰ তেলৰ ডিপোত কোনে সংঘটিত কৰিলে অপহৰণকাণ্ড ? তাকে লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ নামচাই জিলাখনৰ লগতে কাষৰীয়া অঞ্চলসমূহত (Kidnapping at Namsai) । নামচাই জিলাৰ চৌখামৰ জেড পি এম(Zila Parishad Member) জেনিয়া নামৰ লোকজনৰ মালিকানাধীন ভাৰত পেট্ৰ’লিয়ামৰ তেল ডিপোৰ পৰা বুধবাৰে নিশা প্ৰায় ৭.৫০ বজাত ডিপোটোৰ কৰ্মচাৰী বিহাৰৰ দীনেশ শৰ্মাক ৩ অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়াৰ পাচতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে কাষৰীয়া বনাঞ্চলসমূহত অব্যাহত ৰাখিছে অভিযান ।

ইফালে, অপহৰণ কৰি খোজকাঢ়ি লৈ যোৱাৰ সময়ত জেড পি এম গৰাকীৰ বাহনৰ চালক মিঠাই মাৰাণ্ডীয়ে অপহৰণকাৰীৰ ওপৰত ফ্লেছ লাইটৰ পোহৰ দিবলৈ চেষ্টা কৰাত তিনি জাঁই গুলীচালনা কৰে দলটোৱে, ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাৰাণ্ডী (Petrol Pump Cashier Kidnapped at Namsai) ৷ পৰৱৰ্তী সময়ত আহত মাৰাণ্ডীক সংকটজনক অৱস্থাত নিশাই নামচাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Kidnapping at Arunachal) ৷

পৰৱৰ্তী সময়ত নামচাইৰ চৌখামৰ ভাৰত পেট্ৰ'লিয়ামৰ তেলৰ ডিপোটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি আৰম্ভ কৰে তদন্ত । তাৰ সমান্তৰালভাৱে আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন স্থানত নাকা চেকিঙৰ ব্যৱস্থা কৰিছে যাতে অপহৰণকাৰী দলটোৱে পলায়ন কৰিব নোৱাৰে । লগতে কাষৰীয়া ঘন বনাঞ্চলসমূহতো চলাইছে অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান ৷

আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও অপহৰণকাণ্ডৰ সৈতে কোন পক্ষ জড়িত এইপৰ্যন্ত লাভ কৰা নাই কোনো তথ্য ৷ আনহাতে, অপহৰণকাণ্ড সংঘটিত হোৱাৰ সময়ত ডিপোৰ গোপন কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি সম্পূৰ্ণ সুসজ্জিত হৈ আহিছিল দলটো ৷ দলটোৱে হাতত AK47 ৰ দৰে মাৰণাস্ত্ৰ লৈ অহাৰ লগতে বুলেটপ্ৰুফ পৰিধান কৰি আহিছিল ৷

ইয়াৰ পৰাই এটাই অনুমান কৰিব পাৰি যে এয়া সহজভাৱে ল’ব পৰা ঘটনা নহয় ৷ এয়া নিশ্চয় শক্তিশালী সংগঠনে সম্পূৰ্ণ পৰিকল্পিতভাৱেই কৰা অপহৰণকাণ্ড ৷ সমান্তৰালভাৱে, এই পৰ্যন্ত তেল ডিপোৰ স্বত্বাধিকাৰীলৈ অপহৰণকাৰীৰ কোনো মুক্তিপণৰ কাৰণে ধনদাবীৰ দৰে ফোন অহা নাই বুলি জানিব পৰা গৈছে যদিও হয়টো পূৰ্বে কোনো সংগঠনে ডিপোৰ স্বত্বাধিকাৰীৰ পৰা ধন দাবী কৰিবও পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ এইক্ষেত্ৰত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে আলফা(স্বাঃ) আৰু এন এছ চি এন ৷

লগতে পঢ়ক: Loksabha Election 2024: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ ব্যাপক ৰণকৌশল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.