মাৰ্ঘেৰিটা, 21 জুলাইঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুন পাঁচ মাইলত কৰ'ণাত আক্ৰান্ত হৈছে প্ৰথমজন লোক ৷ পাঁচ মাইলৰ নিবাসী হৰি বাহাদুৰ চেত্ৰী(৪২) নামৰ লোকজনৰ দেহত কৰ'ণা উপস্থিতি ধৰা পৰে ৷
লগতে পঢ়কঃ মালাবাৰত নৌ সেনাৰ অনুশীলনত যোগ দিবলৈ ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা
তথ্য অনুসৰি, ব্যৱসায়িক সূত্ৰে কিছু দিন পূৰ্বে তিনিচুকীয়ালৈ গৈছিল লোকজন ৷ তাৰ পাছতে জ্বৰত আক্ৰান্ত হয় হৰি বাহাদুৰ চেত্ৰী ৷ লোকজনৰ স্বাৱ পৰীক্ষা কৰাৰ পাছত স্বাৱৰ ফলাফল পজিটিভ আহে ৷ লগে লগে নিশাৰ ভিতৰতে লোকজনক তিনিচুকীয়া কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷