ETV Bharat / state

মাস্ক বিতৰণৰে কাকপথাৰত নাৰ্ছ ডে' উদযাপন - চেন্ট্ৰেল বেংকৰ সমীপত

কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ সকলে লক্ ডাউনৰ মাজত উদযাপন কৰিলে নাৰ্ছ ডে' ৷ বিভিন্ন স্থানত ৰাইজৰ মাজত বিতৰণ কৰিলে মাস্ক ৷ প্ৰতিগৰাকী নাৰ্ছক সাংবাদিক সন্থাৰ তৰফৰ পৰাও একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

Nurses day celebrete kakopathar health centre
মাস্ক বিতৰণৰে কাকপথাৰত নাৰ্ছ ডে' উদযাপন
author img

By

Published : May 12, 2020, 7:04 PM IST

শদিয়া, 12 মে' : মংগলবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰ্ছ ডে' ৷ আধুনিক নাৰ্ছিং সেৱাৰ জন্মদাত্ৰী ৰূপে জনাজাত ফ্লৰেন্স নাইটিংগলৰ স্মৃতিত পালন কৰা হয় এই দিৱস ৷

কভিড-19 ৰ মহামাৰীৰ সময়ত অনুষ্টুপীয়াকৈ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ সকলে পালন কৰিলে নাৰ্ছ ডে' ৷ পুৱাই স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ সকলে ফ্লৰেন্স নাইটিংগলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেখেতক স্মৰণ কৰাৰ লগতে তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৷ ইয়াৰ পাছতে অঞ্চলটোৰ ভিন্ন স্থানৰ লগতে কাকপথাৰ চেন্ট্ৰেল বেংকৰ সমীপত মাস্ক পৰিধান নকৰাকৈ শাৰী পাতি থকা বেংকৰ গ্ৰাহক সকলক মাস্ক বিতৰণ কৰে ৷

মাস্ক বিতৰণৰে কাকপথাৰত নাৰ্ছ ডে' উদযাপন

আনহাতে, লক্ ডাউনৰ মাজত মহামাৰী কৰ'ণাৰ সৈতে অব্যাহত ৰখা যুঁজখনৰ উপৰিও সকলো সময়তে নিজৰ দায়িত্ব পালন কৰি অহাৰ বাবে কাকপথাৰ সাংবাদিক সন্থাই প্ৰতিগৰাকী নাৰ্চক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক : সমাগত বাৰিষাক লৈ চিন্তিত বান বিধ্বস্ত অঞ্চলৰ লোক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.