ETV Bharat / state

ৱাক' ইণ্ডিয়া কিক বক্সিঙলৈ ৰাওনা তিনিচুকীয়াৰ 9 জনীয়া দল

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙত অংশ লোৱাৰ উদ্দেশ্যে গোৱালৈ ৰাওনা তিনিচুকীয়াৰ পৰা 9 জনীয়া এটা খেলুৱৈৰ দল ৷ 26 আগষ্টৰ পৰা 29 আগষ্টলৈ গোৱাত অনুষ্ঠিত হ'বলগীয়া ৱাক' ইণ্ডিয়া কিক বক্সিং(চিনিয়ৰ)(WAKO INDIA KICKBOXING) ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় খেলত দলটোৱে অংশ ল'ব ৷ উক্ত খেলত অসমৰ পৰা প্ৰায় ১৪০ জনীয়া দলে অংশ ল'ব ৷

author img

By

Published : Aug 23, 2021, 4:03 PM IST

nine member team from tinsukia to wako india kickboxing
ৱাক' ইণ্ডিয়া কিক বক্সিঙলৈ ৰাওনা তিনিচুকীয়াৰ 9 জনীয়া দল

তিনিচুকীয়া, 23 আগষ্ট : গোৱাত অনুষ্ঠিত হ'বলগীয়া ৱাক' ইণ্ডিয়া কিক বক্সিং(চিনিয়ৰ)(WAKO INDIA KICKBOXING) ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় খেললৈ তিনিচুকীয়াৰ পৰা ৯ জনীয়া এটা দল ৰাওনা হৈছে ৷ অহা 26 আগষ্টৰ পৰা 29 আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিঙ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে দেওবাৰে সন্ধিয়া ট্ৰেইনেৰে তিনিচুকীয়া জিলাৰ পৰা ৯ জনীয়া দলটো ৰাওনা হৈছে ৷

তিনিচুকীয়াৰ পুৰনি ৰে'লৱে জংচনত খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে পৰিয়ালৰ লোকৰ লগতে বহু শুভাকাংক্ষী উপস্থিত থাকে ৷ ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনৰ অসম ৰাজ্যিক উপ সভাপতি এল ৰতন সিঙে সাংবাদিক সকলৰ সৈতে গোৱা ৰাষ্ট্ৰীয় খেললৈ ৰাওনা হোৱা খেলুৱৈসকলক চিনাকি কৰি দি শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাজ্যিক সাধাৰণ সম্পাদক অৰবিন্দ পেটেল, তিনিচুকীয়া জিলা সভাপতি ৰাঘৱ প্ৰসাদ ৰায়ো তেওঁলোকৰ সৈতে উপস্থিত থাকে ৷

অসমৰ পৰা প্ৰায় ১৪০ জনীয়া দলে খেলত অংশ ল'ব

লগতে পঢ়ক : বিভিন্ন দাবীৰে তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

অসমৰ পৰা প্ৰায় ১৪০ জনীয়া এটা দল গোৱাত অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ বুলি ৰাওনা হৈছে ৷

তিনিচুকীয়াৰ পৰা এল ৰতন সিং আৰু অৰবিন্দ পেটেলৰ নেতৃত্বত যাবলগীয়া এই ৯ জনীয়া দলটোৱে পূৰ্ণোদ্যমেৰে এই খেলখনত অংশগ্ৰহণ কৰি অসমৰ লগতে তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি অসম ৰাজ্যিক সাধাৰণ সম্পাদক অৰবিন্দ পেটেল জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ৱাক' কিক বক্সিং ফেডাৰেশ্যনক ২০ জুলাই তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে নিজৰ অধীনত অন্তৰ্ভুক্ত কৰিছে ৷

চলিত মাহতে ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনক ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে অনুমোদন দি ক্ৰীড়া হিচাপে স্বীকৃতি দিয়ে ৷ এই খেলত বিজয়ী হৈ অহা খেলুৱৈসকলৰ লগতে ৱাক' কিক বক্সিঙৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে আগন্তুক ২০২৪ চনত অলিম্পিক খেলৰ যোগ্যতা অৰ্জন কৰিলে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব বুলি সাধাৰণ সম্পাদক অৰবিন্দ পেটেল আৰু উপ সভাপতি এল ৰতন সিঙে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কাকপথাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.