তিনিচুকীয়া, ১৪ অক্টোবৰ : অৱশেষত শনিবাৰে পুৱা তিনিচুকীয়া জিলাৰ শদিয়াত পালেহি ১১ অক্টোবৰৰ নিশা বিহাৰত ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱা মাতৃ-কন্যাৰ নিথৰ দেহ । বিহাৰৰ বক্সাৰত দিল্লীৰ পৰা কামাখ্যা অভিমুখী ৰে’লখন দুৰ্ঘটনাত পতিত হৈ শদিয়াৰ কন্যা ঊষা ভাণ্ডাৰী আৰু তেওঁৰ কন্যা আকৃতি ভাণ্ডাৰীৰ মৃত্যু হৈছিল ৷ তাৰ পাচতে শদিয়াৰ তেওঁলোকৰ ঘৰখনত সৃষ্টি হৈছিল এক শোকাকুল পৰিৱেশৰ ৷
পৰৱৰ্তী সময়ত ৰে’লৱে বিভাগে শদিয়ালৈ দুই মাতৃ-কন্যাৰ মৃতদেহ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ আৰু আজি অৰ্থাৎ শনিবাৰে পুৱা মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্সখন উপস্থিত হয়হি শদিয়াত ৷ তাৰ পাচতে শদিয়াৰ ঘৰখনত অজস্ৰ ৰাইজে ভৰি কৰা পৰিলক্ষিত হয় ৷
ইয়াৰ মাজতে এটা দৃশ্যই উপস্থিত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হয় ৷ কিয়নো বিহাৰৰ ৰে’ল বিভাগে এটা মাত্ৰ কফিনত আৰু এখন সৰু এম্বুলেন্সত দুটা মৃতদেহ পঠিয়াই ৷ এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাচত উক্ত স্থানত কিছু সময় এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰে’ল বিভাগ আৰু বিহাৰৰ ৰে’ল বিভাগক প্ৰশ্নৰে থকা সৰকা কৰে পৰিয়াল আৰু স্থানীয় লোকে । পৰৱৰ্তী সময়ত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে ৷ তাৰ পাচতে নিয়ম নীতি অনুসৰি মাতৃ-কন্যাৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হয় ।
উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল ঊষা ভাণ্ডাৰীৰ স্বামী দীপক ভাণ্ডাৰী আৰু তেওঁলোকৰ আন এগৰাকী যমজ কন্যা অদিতী ভাণ্ডাৰী (৮) ৷ ঊষা ভাণ্ডাৰী প্ৰায় ৯ বছৰ পূৰ্বে পশ্চিম নেপালৰ দীপক ভাণ্ডাৰী নামৰ যুৱকজনকৰ লগত বিবাহপাহত আবদ্ধ হৈছিল ৷ কৰ্মসূত্ৰে তেওঁলোকে দিল্লীতে নিগাজীকৈ বাস কৰিছিল ।
লগতে পঢ়ক : Bihar train accident: বিহাৰৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু শদিয়াৰ মাতৃ-কন্যাৰ