তিনিচুকীয়া, 20 এপ্ৰিল : বিহু অসমীয়াৰ প্ৰাণ, বিহু অসমীয়াৰ মান (Rangali bihu in Assam) ৷ বিহু বুলি ক’লে প্ৰত্যেকগৰাকী অসমীয়াৰে গা হয় সাতখন-আঠখন (Rangali bihu celebrates in Assam) ৷ কুলি-কেতেকীৰ পৰা আদি কৰি ঢোল-পেঁপাৰ মাত শুনিলে আনন্দত আত্মহাৰা হৈ পৰে প্ৰত্যেকজন অসমীয়া ৷ অসমত বাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰে আছে বিহুৰ সুকীয়া পৰিচয় ৷
আজি ব’হাগৰ প্ৰথমটো বুধবাৰ ৷ আজিৰে পৰা আৰম্ভ হ'ল অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ বিহু ৷ প্ৰচীন কালৰে পৰা পৰা মৰাণ জনগোষ্ঠীৰ লোক সকলে ব’হাগৰ প্ৰথমটো মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে ।
লগতে পঢ়ক : Rangali bihu in Assam: ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে উদযাপন বোকাখেল
আজি ব’হাগৰ প্ৰথম বুধবাৰ ৷ ব’হাগৰ প্ৰথমটো বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে গৰু বিহু ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বুধবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিতো উলাহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু (Moran bihu celebrations at Tinsukia thana chariali)।
তিনিচুকীয়া চহৰৰ আশে-পাশে থকা শতাধিক পৰিয়ালে একত্ৰিত হৈ বুধবাৰে পুৱাই থানা চাৰিআলিত গৰুক গা ধুৱাই গৰু বিহু পালন কৰে (Goru bihu celebrations at Tinsukia thana chariali) । কেৱল গৰু বিহু পালন কৰাই নহয়, থানা চাৰিআলিত বিহু নাচ-গান গাই আনন্দত মতলীয়া হৈ পৰে হৈ শতাধিক মৰাণ ডেকা-গাভৰু, বোৱাৰী-জীয়াৰীসকল ৷
লগতে পঢ়ক : Haidang Husori : হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল