ETV Bharat / state

তিনিচুকীয়াত উপায়ুক্তলৈ স্মাৰকপত্ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Aug 2, 2021, 10:11 PM IST

Updated : Aug 2, 2021, 10:27 PM IST

তিনিচুকীয়া আইন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ দাবী ৷ আইন মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণৰ দাবীৰে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰদান কৰিছে এই স্মাৰক পত্ৰ ৷

memorandum-to-tinsukia-dc-by-smss
তিনিচুকীয়াৰ জিলা উপায়ুক্তলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰক পত্ৰ

তিনিচুকীয়া, 2 আগষ্ট : তিনিচুকীয়া আইন মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ ৷ 1973 চনতে প্ৰতিষ্ঠা হোৱা তিনিচুকীয়া আইন মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰাৰ দাবীত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল হ্ৰাস কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে কয় যে, তিনিচুকীয়া আইন মহাবিদ্যালয়ে নামভৰ্তিৰ বাবে যিখন জাননী প্ৰকাশ কৰিছে সেইখন জাননী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাকচ কৰিছে ৷

memorandum-to-tinsukia-dc-by-smss
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰকপত্ৰ

ইফালে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৰা তৰল মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৰিজাল্টৰ কোনো ভেল্যু নাই বুলি কোৱা কথাই ছাত্ৰ-ছাত্ৰীসকলক অপমান কৰিছে বুলি মন্তব্য আগবঢ়াই সংগঠনটোৰ সভাপতি পাপু দত্তই ৷ অনাগত দিনত এনেবোৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিয়ে নেতা গৰাকীয়ে ৷

আনহাতে স্মাৰক পত্ৰত উল্লেখ কৰা দাবীসমূহ অতি সোনকালে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, অনাগত দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৷

লগতে পঢ়কঃ উপ-নিৰ্বাচন : ৰাজনীতিকৰ ক্ষমতাৰ লালসাই অপচয় কৰিব ৰাইজৰ ধন !

Last Updated : Aug 2, 2021, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.