ETV Bharat / state

DumDuma Road Accident: ডুমডুমাত পথ দুৰ্ঘটনাত নিহত এক, আহত দুই

author img

By

Published : Dec 17, 2021, 10:59 PM IST

শদিয়াৰ ডুমডুমাত শুকুৰবাৰে সংঘটিত এক এক ভয়ংকৰ পথ দূৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে দুজনকৈ ছাত্ৰ আহত হয়(One dead in road accident at Dumduma) ৷ দূৰ্ঘটনাৰ পিছতে স্থানীয় লোকে উক্ত স্থানত সঘনাই হৈ থকা দুৰ্ঘটনা ৰোধ কৰিবলৈ গতি ৰোধৰ ব্যৱস্থা কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায় ৷

DumDuma Road Accident:
ডুমডুমাত পথ দুৰ্ঘটনাত নিহত এক, আহত দুই

শদিয়া, 17 ডিচেম্বৰ: ৰাজপথত বাহনৰ অতিমাত্ৰা গতিবেগৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত দৈনিক মানুহৰ মৃত্যু হৈ আহিছে যদিও পথচাৰীসকলে শিক্ষা লোৱা দেখা যোৱা নাযায় ৷ ডুমডুমাৰ মানখোৱা চাহ বাগিচাৰ কলঘৰৰ সন্মুখত শুকুৰবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত পুনৰ এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় (One dead in road accident at Dumduma) ৷

অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসাৰ বাবে ডুমডুমালৈ নি থকা AS 23 S 0229 নম্বৰৰ তীব্ৰ বেগী মাৰুতি ভেনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে দুখন চাইকেলৰ তিনিজন আৰোহীক প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ ইয়াৰ পিছতে কিছুদূৰ গৈ পুনৰ ৰখাই থোৱা এখন মটৰ চাইকেলক মহটিয়াই পথৰ দাঁতিত জমা কৰি থোৱা শিলত খুন্দিয়ায় ৷ ইয়াৰ ফলত কুমচাং চাহ বাগিচাৰ আনন্দ কন্দ নামৰ এগৰাকী পঞ্চাশ উৰ্ধৰ ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুগৰাকী স্কুলীয়া ছাত্ৰ আহত হয় ৷

ডুমডুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকক কৰায়ত্ব কৰে ৷ স্থানীয় লোকে উক্তস্থানত সঘনাই হৈ থকা দুৰ্ঘটনা ৰোধ কৰিবলৈ গতি ৰোধৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক: Majuli Boat Tragedy: ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.