ETV Bharat / state

মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

কুঁৱলীৰ আচ্ছাদন ফালি পক্ষীৰ কলৰৱত এতিয়া জাতিষ্কাৰ হৈ পৰিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অন্যতম জলাশভূমি তথা পক্ষী উদ্যান মাগুৰি মতাপুং বিল ৷ দেশী-বিদেশী ৫০০ ৰো অধিক নানাৰঙী পৰিভ্ৰমী পক্ষীৰ আগমনে এতিয়া এক অনন্য মাত্ৰা প্ৰদান কৰিছে মাগুৰি মতাপুং বিলক ৷

author img

By

Published : Dec 9, 2020, 2:31 PM IST

maguri-motapung-beel-of-tinsukia
maguri-motapung-beel-of-tinsukia

তিনিচুকীয়া,9 ডিচেম্বৰঃ কুঁৱলীৰ আচ্ছাদন ফালি পক্ষীৰ কলৰৱত এতিয়া জাতিষ্কাৰ হৈ পৰিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অন্যতম জলাশয় ভূমি তথা পক্ষী উদ্যান মাগুৰি মতাপুং বিল ৷ দেশী-বিদেশী ৫০০ ৰো অধিক নানাৰঙী পৰিভ্ৰমী পক্ষীৰ আগমনে এতিয়া এক অনন্য মাত্ৰা প্ৰদান কৰিছে মাগুৰি মতাপুং বিলক ৷ দেশী-বিদেশী নানাৰঙী পৰিভ্ৰমী পক্ষীয়ে শুৱনি কৰা বিলখনক সোণত সুৱগা চৰাইছে ভেট ফুলবোৰে ৷ এক নান্দনিক সৌন্দৰ্যই মোহাচ্ছন্ন কৰি তুলিছে সমগ্ৰ পৰিৱেশ ৷

মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

বৰ্তমানলৈকে চৰকাৰে পৰ্যটকৰ বাবে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া নাই যদিও মুকলি কৰি দিয়াৰ পিছতেই এই মাগুৰি মতাপুং বিলো পৰ্যটকৰ বাবে হৈ পৰিব আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু ৷ এই আশাৰে পৰ্যটকক আদৰিবলৈ হেঁপাহেৰে বাট চাইছে স্থানীয় প্ৰকৃতিপ্ৰেমীসকলেও ৷

লগতে পঢ়কঃ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.