ETV Bharat / state

মাৰ্ঘেৰিটাত কাৰ নিৰ্দেশত চলিছে ভূমি বেদখল !

ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত ৷ ক’ল ইণ্ডিয়াৰ নামত অধিকৃত ভূমি এইবাৰ বেদখল কৰিছে কোনো দুষ্টচক্ৰই ৷ কেৱল বেদখল কৰাতে ক্ষান্ত নাথাকি উক্ত ভূমিত বহু সন্দেহজনক লোকে নিৰ্মাণ কৰিছে অবৈধ বাসগৃহ ৷

land grabbing at margherita assam etv bharat news
মাৰ্ঘেৰিটাত ভূমি বেদখল
author img

By

Published : Oct 29, 2020, 3:01 PM IST

মাৰ্ঘেৰিটা,29 অক্টোবৰ: ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপঙত ৷ ক’ল ইণ্ডিয়াৰ নামত অধিকৃত ভূমি এইবাৰ বেদখল কৰিছে কোনো দুষ্টচক্ৰই ৷ কেৱল বেদখল কৰাতে ক্ষান্ত নাথাকি উক্ত ভূমিত বহু সন্দেহজনক লোকে নিৰ্মাণ কৰিছে অবৈধ বাসগৃহ ৷ এই ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে মাৰ্ঘেৰিটাৰ আইজুল হক নামৰ এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ৷ পূৰ্বতেও ব্যৱসায়ীগৰাকীয়ে নিজৰ লাভৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছিল ৷

মাৰ্ঘেৰিটাত ভূমি বেদখল

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় বহুকেইটা দল-সংগঠনে টিপংস্থিত কল ইণ্ডিয়া কৰ্তৃপক্ষৰ এগৰাকী এজেণ্টক অৱগত কৰে ৷ ইয়াৰ পূৰ্বে এজেণ্ট গৰাকীয়ে বিষয় প্ৰসংগত অজ্ঞতা স্বীকাৰ কৰে ৷ মাৰ্ঘেৰিটাৰ বহু অঞ্চলত এনেদৰে সন্দেহজনক লোকে পূৰ্বেও ভূমি বেদখল কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ এনে বহু লোকৰ বাসগৃহ স্থানীয় বন বিভাগ আৰু প্ৰশাসনে বিভিন্ন সময়ত উচ্ছেদ চলাই বেদখলমুক্ত কৰিছিল ৷ কিন্তু প্ৰশাসনকো বৃদ্ধাংগুষ্ঠ দেখুৱাই আইজুল হকৰ দৰে একাংশ ব্যৱসায়ীয়ে বহু সময়ত ভূমি বেদখল কৰি আহিছে ৷ ব্যৱসায়ীগৰাকীয়ে কি কাৰণত সন্দেহজনক লোকসকলক এনেদৰে আশ্ৰয় প্ৰদান কৰি আহিছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত ৷

লগতে চাওকঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাহসী মহিলা মঞ্চৰ প্ৰতিবাদ বেলতলা বজাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.