শদিয়া,15 মে’: ক’ভিডৰ ভয়াৱহতা প্ৰতিৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা ৷ চৰকাৰী নিৰ্দেশনা নমনা ব্যক্তিসকলৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ শুকুৰবাৰে কাকপথাৰ চহৰৰ মাজমজিয়াত আৰক্ষীয়ে মটৰ চাইকেলত দুজন ব্যক্তি উঠা আৰোহীৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে বহুকেইখন মটৰ চাইকেল জব্দ কৰি থানালৈ লৈ যায় ৷ ইয়াৰ সমান্তৰালভাৱে মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধেও জৰিমনা বিহে আৰক্ষীয়ে ৷
উল্লেখ্য যে, চহৰখনৰ কেইবাঠাইতো কাকপথাৰ আৰক্ষীয়ে চলোৱা অভিযানত কেইবাহাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব ৷
লগতে পঢ়ক: মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ক’ভিড-19 সন্দৰ্ভথ সজাগতা