মাৰ্ঘেৰিটা, 4 ডিচেম্বৰ : মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী পংকজ চৌধুৰীৰ বাসগৃহত 'আয়কৰ বিভাগ'ৰ অভিযান ৷ পুৱাৰে পৰা ব্যৱসায়ীজনৰ বাসগৃহত আৰক্ষীৰ বৃহৎ দলে তালাচী অভিযান চলায় ৷
জানিব পৰা মতে, কয়লাৰ চোৰাং ব্যৱসায়ৰ সৈতে পংকজ চৌধুৰীৰ নাম জড়িত হৈ আহিছিল ৷ বিভিন্ন সংবাদ মাধ্যমতো ব্যৱসায়ী জনৰ বিৰুদ্ধে সংবাদ পৰিৱেশন কৰা হৈছিল ৷
উল্লেখ্য যে, বৰ্তমানলৈ ব্যৱসায়ী গৰাকীৰ বাসগৃহৰ পৰা আয়কৰ বিভাগে কেনেকুৱা ধৰণৰ নথিপত্ৰ উদ্ধাৰ কৰিছে সেই সম্পৰ্কে জানিব পৰা হোৱা নায় ৷
লগতে পঢ়ক : APDCL ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত বিৰোধী দলৰ প্ৰতিবাদ