ডুমডুমা,26জুলাইঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰিণতিত ৰাজ্যত অব্যাহত আছে ডাইনী সন্দেহত হত্যা তথা নিৰ্যাতনৰ দৰে অপৰাধমূলক ঘটনা। তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি বিষ্ণুপুৰ গাৱঁত বিগত 20 জুলাইৰ নিশা অন্ধবিশ্বাস তথা কু-সংস্কাৰত বশৱৰ্তী একাংশ উন্মাদ লোকে এহাল অসহায় বৃদ্ধ দম্পতীৰ ওপৰত প্ৰেতাত্মাৰ জৰিয়তে গাঁও খনৰ বাতাবৰণ নষ্ট কৰাৰ অভিযোগ আনি অকথ্য নিৰ্যাতন চলাইছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি গাঁৱখনৰ এটা শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে গাঁৱখনৰ অসহায় বৃদ্ধ দম্পতীহাল জড়িত তথা তেওঁলোকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত প্ৰেতাত্মাৰ প্ৰভাৱত শিশুটিৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ কথাটোত পতিয়ন গৈছিল গাঁৱখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ ৷
উক্ত যুক্তিকেই সত্যতাৰ ভিত্তি হিচাপে লৈ গাওঁখনৰে ২০/২৫ জনীয়া দল এটাই বৃদ্ধ দম্পতিহালক ওৰে নিশা অবৰ্ণনীয় আক্ৰমণ চলাইছিল ৷ পিছত পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ আগতেই তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত অন্ধবিশ্বাসী লোকসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি ডুমডুমাত আশ্ৰয় দিছিল বৃদ্ধ দম্পতীহালক ৷ ঘটনাত জড়িত থকাৰ সন্দেহত ধনীৰাম মৰাণ, নালৌ মৰাণ আৰু লক্ষেশ্বৰ মৰাণ নামৰ তিনিজন লোকক ডুমডুমা আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ।অৱশ্যে আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত এগৰাকী ৮ বছৰীয়া শিশুক ভূত লম্ভাই দিয়া বুলি সন্দেহ কৰি গাওঁখনৰে ২০/২৫ জনীয়া দল এটাই বৃদ্ধ দম্পতিহালক ওৰে নিশা আক্ৰমণ চলোৱা কথাটো স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে ।
উল্লেখ্য যে,ৰাজ্যত ক্ৰমাগতভাৱে বৰ্ধিত এনেধৰণৰ অন্ধবিশ্বাস, কু-সংস্কাৰৰ লগত জড়িত অপৰাধমূলক ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল।