ETV Bharat / state

চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল ডুমডুমা - চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল ডুমডুমা

ডুমডুমাত চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধি,আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ৷

Demand for wage increase for the tea community is Doomdooma
চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল ডুমডুমা
author img

By

Published : Sep 21, 2020, 2:22 PM IST

ডুমডুমা,21ছেপ্টেম্বৰ: সোমবাৰে ডুমডুমাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ৷ অসমৰ আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদানৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে ডুমডুমাৰ দৈদাম চাহ বাগিছাৰ শ্ৰমিক সকলৰ সহযোগত মন্ত্ৰী, বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷

চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল ডুমডুমা

অসমৰ আদিবাসী লোকসকলৰ সমস্যাসমূহ সদনত মাত নামাতি কেৱল নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততহে জনপ্ৰতিনিধিয়ে জনগোষ্ঠীটোক মনত পেলাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজ, তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতীয়াৰ লগতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চাহ জনগোষ্ঠীৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰাৰ বাবে দাবী জনায় ৷

অন্য এক তথ্যৰ বাবে: ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.