ETV Bharat / state

আৰক্ষী,সাংবাদিকক লগত লৈ কণ্ঠশিল্পী ৰিতু বসন্তৰ কৰ'ণা সজাগতা গীত - Corona related new song by Ritu basanta

কাকপথাৰত কৰ'ণাক লৈ এটি সু-মধুৰ গীতৰ অডিঅ' আৰু ভিডিঅ' মুকলি কৰিলে কণ্ঠশিল্পী ৰিতু বসন্তই ৷ ভিডিঅ'টোত কাকপথাৰ আৰক্ষী থানাৰ আৰক্ষীৰ লগতে কাকপথাৰৰ একাংশ সাংবাদিকে অভিনয় কৰিছে ৷

Corona related new song by Ritu basanta
আৰক্ষী,সাংবাদিকক লগত লৈ কণ্ঠশিল্পী ৰিতু বসন্তৰ কৰ'ণা সজাগতা গীত
author img

By

Published : Jun 21, 2020, 2:58 PM IST

শদিয়া,21 জুনঃ দেশ তথা বিশ্বত কৰ'ণাই মহামাৰী ৰূপ লোৱাৰ মাজতেই কৰ'ণা সংক্ৰান্তত এটি সু-মধুৰ গীত ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিতু বসন্তই ৷ কৰ'ণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া চিকিৎসা কৰ্মী, আৰক্ষী, সংবাদকৰ্মী সকলৰ ত্যাগক সন্মান জনোৱাৰ অৰ্থে কাকপথাৰৰ শিল্পী ৰিতু বসন্তই লিখি উলিয়াইছে এই বিশেষ গীতটো ৷

তেখেতে গীতটোত নিজেই কণ্ঠদান কৰাৰ লগতে গীতটোৰ ভিডিঅ'টোত কাকপথাৰ আৰক্ষী থানাৰ আৰক্ষী আৰু কাকপথাৰৰ একাংশ সাংবাদিকে অভিনয় কৰিছে ৷

আৰক্ষী,সাংবাদিকক লগত লৈ কণ্ঠশিল্পী ৰিতু বসন্তৰ কৰ'ণা সজাগতা গীত

"আউল লগা কৰ'ণা" নামৰ গীতটো শনিবাৰে মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ গীতটো "ৰিতু বসন্ত দুৱৰা" নামৰ ইউ টিউব চেনেল আৰু "এচ.এ.মাল্টিমিডিয়া"ত ৰাইজে উপভোগ কৰিব পাৰিব বুলি শিল্পীগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃআজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.