কাকপথাৰ,৯জুন : কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক । মঙলবাৰে কাকপথাৰৰ ৰুবুল মাহাতু নামৰ এজন 22 বছৰীয়া যুৱকে হায়দৰাবাদলৈ কাম কৰিবলৈ যোৱাৰ পথতেই কলিকতাৰ পৰা নিৰুদ্দেশ হয় ।
উল্লেখ্য যে, বৃহস্পতিবাৰে যুৱকজন ৰে’লযোগে গৈ থকা অৱস্থাতে ছয়জনীয়া এটা যুৱকৰ দলৰ লগত সংঘাতৰ সৃষ্টি হয় । এই সংঘাতৰ পাছতেই যুৱকজনে ফোনযোগে পৰিয়ালৰ লোকক ঘটনাটো অৱগত কৰে । কলিকতাৰ হাউৰা ষ্টেচনলৈকে পৰিয়ালৰ লোকৰ লগত সংযোগ হৈ থকা যুৱকজনৰ হঠাতেই সংযোগ বিচ্ছিন্ন হৈ পৰে । যাৰ বাবে চিন্তিত হৈ পৰে পৰিয়ালৰ লোক । ইফালে, কাকপথাৰ আৰক্ষী থানাত যুৱকজনৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ।