ETV Bharat / state

Army operation in Tinsukia: আলফাক আশ্ৰয় দিয়াৰ অভিযোগত এজনক আটক

author img

By

Published : Jul 6, 2022, 4:16 PM IST

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সেনা-আৰক্ষীৰ ব্যাপক অভিযান (Operation against ULFA in Assam-Arunachal border)। আলফাৰ(স্বাধীন)সদস্যক আশ্ৰয় তথা ধনৰ লেন-দেন কৰাৰ অভিযোগত এজনক আটক (One detained for harboring ULFA I)।

detained
Operation against ULFA(I): আলফাক(স্বাধীন) আশ্ৰয় দিয়াৰ অভিযোগত এজনক আটক

তিনিচুকীয়া, ৬ জুলাই: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত সেনা-আৰক্ষীয়ে আলফাৰ(স্বাধীন) বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে (Operation against ULFA I in Assam)। কাকপথাৰৰ দ' পথাৰত সংঘটিত ঘটনাৰ পাছতেই সীমান্তৱৰ্তী অঞ্চলসমূহত দিনে-নিশাই সেনা আৰু অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে । এই অভিযানৰ মাজতে সীমান্তৱৰ্তী বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ৰিতু কঠালগুৰিৰ পৰা আলফাৰ(স্বাধীন) সদস্যৰ দলটোক আশ্ৰয় দিয়াৰ অভিযোগত অৰুণ গোঁহাই নামৰ এজন লোকক আটক কৰিছে (One person detained in Tinsukia connection with ULFA I) ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ৰূপম অসমৰ নেতৃত্বত অহা ছয়জনীয়া দলটোৱে ২৮ জুনত ৰিতু কঠালগুৰিৰ অৰুণ গোঁহাই নামৰ লোকগৰাকীৰ বাসগৃহত আশ্ৰয় লৈ আছিল । আনহাতে, অৰুণ গোঁহাইৰ বেংক একাউণ্টত আলফাৰ(স্বাধীন) বাবে কোনো লোকে ৩০ হেজাৰ টকা জমা দিছিল আৰু সেই টকা গোঁহাইয়ে উলিয়াই ৰূপম অসমৰ নেতৃত্বত অহা আলফাৰ দলটোক প্ৰদান কৰা বুলি আৰক্ষীয়ে কয় ।

ইপিনে, অৰুণ গোঁহাইৰ বাসগৃহৰ পৰা জ্ঞান অসমৰ মোবাইল ফোন উদ্ধাৰ হোৱা বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে । তদুপৰি অৰুণ গোঁহাইৰ বাসগৃহত আলফা(স্বাধীন)ৰ দলটোৱে ব্যৱহাৰ কৰা কাপোৰো আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে, কাকপথাৰৰ দ' পথাৰত সংঘটিত সংঘৰ্ষত জ্ঞান অসম নামৰ আলফা(স্বাধীন)ৰ দুৰ্ধৰ্ষ সদস্যজন নিহত হৈছিল । ইয়াৰ পাছতেই পলায়ণ কৰা আলফাৰ(স্বাধীন) আন পাঁচগৰাকী সদস্যৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে ।

লগতে পঢ়ক:etv comment image Thumbnail image অসমৰ পৰা ATM চুৰি কৰি নিয়া ৪ চোৰক হাৰিয়ানাত গ্ৰেপ্তাৰ: ২৯ লাখ টকাও উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.