ETV Bharat / state

বিজেপি নেত্ৰীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ

author img

By

Published : Nov 9, 2020, 7:59 PM IST

ক্ষমতাই মুৰত ধৰিছে বিজেপিৰ একাংশ নেতা-কৰ্মীক ৷ থানাৰ ভিতৰতে আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ বিজেপি নেত্ৰীৰ বিৰুদ্ধে ৷ নিৰ্লিপ্ত ভূমিকাত কাকপথাৰৰ আৰক্ষী-প্ৰশাসন ৷

aligence against bjp worker hitted police in sadiya etv bharat news
আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ

শদিয়া, 9 নৱেম্বৰ: নগাঁৱৰ মৰিকলং আৰক্ষীক আক্ৰমণ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ কাকপথাৰত সংঘটিত হৈছে আৰক্ষী আক্ৰমণৰ ঘটনা ৷ আৰক্ষীক কৰা এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷ অসম ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহক সদস্যা দীপাঞ্জলি কাকতি নামৰ মহিলাগৰাকীয়ে কাকপথাৰ আৰক্ষী থানাৰ ভিতৰতে অশালীন আচৰণ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দীপাঞ্জলি কাকতিৰ ব্যক্তিগত গাড়ীচালক হিচাপে কৰ্মৰত আছিল ডিৰাক আমগুৰি নগাঁৱৰ শ্ৰীকান্ত ফুকন নামৰ ব্যক্তিগৰাকী ৷ এই ব্যক্তিগৰাকীয়ে এগৰাকী মহিলাক পূৰ্বে প্ৰহাৰ কৰাৰ বিৰুদ্ধে থানাত পঞ্জীয়ন হৈ আছিল এটা গোচৰ ৷ তাৰ পৰিপ্ৰেক্ষিতত শ্ৰীকান্ত ফুকনক থানালৈ মাতিছিল আৰক্ষীয়ে ৷

আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ

এই ঘটনাৰ খবৰ লাভ কৰি গাড়ী চালকগৰাকীক মোকলাই নিবলৈ আহি থানাত উপস্থিত হয় বিজেপি নেত্ৰীগৰাকী ৷ বিজেপি নেত্ৰী দীপাঞ্জলিয়ে থানাৰ ভিতৰতে অভব্য আচৰণ প্ৰদৰ্শন কৰি থানাখনত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত অপূৰ্ব দাসক শাৰিৰীকভাৱে অপদস্থ কৰি প্ৰহাৰ কৰে ৷ নিজকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি পৰিচয় প্ৰদান কৰা মহিলাগৰাকীয়ে আৰক্ষী বিষয়া গৰাকীক চাকৰিৰ পৰা খেদাৰো হুংকাৰ প্ৰদান কৰে ৷ ইতিমধ্যে মহিলাগৰাকীৰ এনে আচৰণৰ বিৰুদ্ধে উপ-পৰিদৰ্শকগৰাকীয়ে এক এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিতে 48/2020 নম্বৰত কাকপথাৰ থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷

উল্লেখ্য যে, এই ঘটনাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰাৰ পৰিৱৰ্তে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ মাতি পঠিওৱা বুলি বিশেষসূত্ৰে জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বেও আৰক্ষী বিষয়াগৰাকীক কোনো দুৰ্বৃত্তই অভব্য আচৰণ প্ৰদৰ্শন কৰিছিল ৷ তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ আৰক্ষীৰ হাতত মজুত থকাৰ পিছতো সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে আৰক্ষী ৷ তদুপৰি বিষয় সন্দৰ্ভত কোনো আৰক্ষীয়ে প্ৰকাশ কৰা নাই মন্তব্য ৷ আৰক্ষীৰ এনে ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিষয়টোত ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ তদুপৰি অভিযুক্তই শাসনাধিষ্ঠ চৰকাৰৰ দলৰ কৰ্মকৰ্তা হোৱাৰ সুবাদতে শাস্তিৰ পৰা ৰেহাই পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

লগতে চাওকঃ ৰাজ্যৰ সংবাদ মাধ্যমলৈ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণাৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.