ETV Bharat / state

Ek Asom Yatra in Tinsukia :17 দিনৰ অন্তত পূৱ প্ৰান্তৰ অন্তিমখন জিলাত উপস্থিত হ’ল এক অসম যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:32 PM IST

তিনিচুকীয়াত উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা” ৷ 17 দিনৰ পদযাত্ৰাৰ অন্তত শেষৰখন জিলাত উপস্থিত হ’ল এই যাত্ৰা ৷

Ek Asom Yatra in tinsukia
17 দিনৰ অন্তত অসমৰ অন্তিমখন জিলাত উপস্থিত হ’ল এক অসম যাত্ৰা

তিনিচুকীয়া, 7 অক্টোবৰ: ধুবুৰীৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ ‘‘এক অসম যাত্ৰা’’ই ভৰি দিলে 17 দিনত ৷ শনিবাৰে ‘‘এক অসম যাত্ৰা’’ই প্ৰৱেশ কৰিলে শেষৰখন জিলা অৰ্থাৎ তিনিচুকীয়াত ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ গৃহ জিলাত প্ৰৱেশ কৰি পুৱাই তিনিচুকীয়াৰ ঐতিহাসিক পানীতোলা বৰনামৰ, দহোতীয়া নামঘৰ, তিনিচুকীয়াৰ কালিবাৰী, গুৰুদ্বাৰত উপস্থিত হৈ গগৈসহ পৰিষদৰ এটা সজাতি দলে আশীৰ্বাদ গ্ৰহণ কৰে ৷

পৰৱৰ্তী সময়ত দহোতীয়াচুকৰ বিহুতলীত একত্ৰিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক উদ্দীপজ্যোতি গগৈৰ লগতে কেইবাগৰাকীও পৰিষদৰ জ্যেষ্ঠ কৰ্মকৰ্তাৰ সৈতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক বিশাল পদযাত্ৰা বাহিৰ কৰে ৷ পদযাত্ৰাৰ মাজতে চহৰৰ মাজমজিয়াত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তাৰ পাচতে পুনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ হৈ মানৱ কল্যাণ পূজা ভৱনলৈ বাহিৰ কৰে বিশাল পদযাত্ৰা ৷

পদযাত্ৰাৰ সময়ত সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী একতাৰে ঐক্যবদ্ধ হ’ম ৷ সেই উদ্দেশ্য লৈ এক অসম যাত্ৰাৰ আৰম্ভণি কৰিছিলো ৷ আজি শেষৰখন জিলাত প্ৰৱেশ কৰিছো ৷ কাইলৈ আমাৰ প্ৰথম পৰ্যায়ৰ মূল লক্ষ্য শদিয়াত সামৰণি পৰিব ৷ আমাৰ এই ‘‘এক অসম যাত্ৰাত’’ সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৷’’

তেওঁ পুনৰ কয়, ‘‘সকলোৱে জাতি, ধৰ্মৰ নামত কৰা ৰাজনীতিৰ বিৰুদ্ধে থিয় হৈছে । আমি সকলোৱে এক হ’ব লাগিব ৷ আমি এক হৈ যুঁজিলেহে জয় হ’ব পাৰিম ৷ আমাৰ ৰাজনৈতিক ভৱিষ্যত যাতে আমাৰ হাতত চিৰকাল সুৰক্ষিত হৈ থাকে তাৰ কাৰণে যুঁজিব লাগিব ৷ এতিয়া দেশৰ গণতান্ত্ৰিক পৰিৱেশ নোহোৱা হ’ল ৷ জংঘলৰাজ চলাব বিচাৰিছে ৷ গতিকে ইয়াৰ পৰা সকলোকে মুক্তি লাগে ৷’’

লগতে পঢ়ক:Ek Asom Yatra in tinsukia: তিনিচুকীয়া উপস্থিত অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা”

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.