তিনিচুকীয়া, 26 মে' : আজিৰ ‘দিল্লী চলো’ কিষাণ আন্দোলনৰ ছমাহ সম্পূৰ্ণ হ’ল । আজিৰ দিনটো সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’লা দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখিয়ে তিনিচুকীয়া জিলাৰ এ আই চি চি টি ইউৰ পানীতোলা অঞ্চলিক সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
সমিতিৰ সম্পাদক দেৱনাথ মাঝি আৰু সদস্য সূৰজ মাহিলিৰ নেতৃত্বত ক’লা পতাকা উত্তোলন আৰু ক’লা বেজ পৰিধান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হয় ৷ লগতে সংশোধিত কৃষি আইন বাতিলৰ দাবীত দেশৰ প্ৰধান মন্ত্ৰী পুত্তলিকা দাহ কৰা হয় ৷
এই প্ৰতিবাদী কাৰ্যসূচীত বিনামূলীয়া ভেকচিন প্ৰদান, অসংগঠিত শ্ৰমিকক মাহিলী ৭,৫০০/-টকাকৈ সাহাৰ্য প্ৰদান, তিনিখন কৃষি আইন বাতিল, সংশোধিত বিদ্যুৎ বিল, ২০২১ প্ৰত্যাহাৰ, কৃষি সামগ্ৰীৰ ন্যূনতম সমৰ্থনমূল্য প্ৰদান, কেন্দ্ৰীয় শ্ৰম অধিৱেশন অনুষ্ঠিত কৰা আদি দাবী উত্থাপন কৰা হয় ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে এ আই চি চি টি ইউৰ সৰ্বভাৰতীয় তথা অসম ৰাজ্যিক সম্পাদক সুভাষ সেনে ৷
লগতে পঢ়ক: 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ