তিনিচুকীয়া,৫ জুলাইঃ শুকুৰবাৰে পুৱাৰে পৰা অনিদিৰ্ষ্টকালীন তৈলক্ষেত্ৰ বন্ধ ঘোষণা কৰে মাকুম শাখাৰ সদৌ অসম ছাত্ৰ সন্থাই । তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ,সদ্যঘোষিত অইলৰ নতুন ফ্ৰাম পঞ্জীয়ন প্ৰক্ৰিয়াত সংঘটিত ব্যাপক অনিয়মৰ বিৰুদ্ধে এই কাৰ্যসূচী গ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ ৷
পুৱা ৬ বজাৰ পৰা মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুম অঞ্চলত অইলৰ খনন,পৰিবহণ আৰু উৎপাদন অনিদিষ্টকাললৈ বন্ধ ঘোষণা কৰে । আছুৰ এই বন্ধ কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ পৰিছে অইলৰ হাপজান OCS,মাকুম OCS,বাৰেকুৰি OCS,হেবেদা OCS আৰু নগাজান OCSত ৷ ইতিমধ্যে ,অইলৰ আটাইকেইটা OCSত খনন,পৰিবহণ আৰু উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷