শদিয়া, ২৪ অক্টোবৰ: শনিবাৰৰ পৰা তিনিচুকীয়াৰ কাকপথাৰত অনুষ্ঠিত হৈছে মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন। ৩নং কাকপথাৰ শাখা মৰাণ ছাত্ৰ সন্থাৰ উগ্যোগত স্থানীয় যুৱক সংঘৰ আতিথ্যত কাকপথাৰ ১নং তেজি গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশনখন অনুষ্ঠিত হৈছে।
প্ৰথম দিনাৰ কাৰ্যসূচীৰ ভিতৰত আছে পতাকা উত্তোলন, স্মৃতি তৰ্পন, বৃক্ষৰোপণ কাৰ্যসূচী। লগতে বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ প্ৰতিকূল বতৰকো নেওচি আৰম্ভ হোৱা অধিৱেশনৰ কাৰ্যসূচী হিচাপে শনিবাৰে সন্ধিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
দেওবাৰে বিভিন্ন কাৰ্যসূচীৰ অন্তত মুকলি সভাৰ আয়োজন কৰা হৈছে । মুকলি সভাত কেইবাগৰাকীও সাহিত্যিক, বুদ্ধিজীৱি, ছাত্ৰ নেতা, ৰাজনৈতিক নেতা উপস্থিত থাকিব বুলি মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বই প্ৰকাশ কৰিছে।
লগতে পঢ়ক:কলগাছিয়াত শুৰ পোকৰ ধ্বংসলীলা