ETV Bharat / state

Extortion in Tinsukia: ডকাইতি কৰি তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ছালফা, হোমগাৰ্ড - পেঙেৰীৰ ধনদাবী

ধনদাবীৰে জড়িত প্ৰাক্তন আলফা সদস্য আৰু গৃহৰক্ষী জোৱানাক গ্ৰেপ্তাৰ ৷ পেঙেৰীৰ ধনদাবীকাণ্ডৰ লগত জড়িত আছিল মুঠ 6 ডকাইত ৷ তিনিটা বন্দুকসহ আন আন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ৷

Extortion in Tinsukia
Extortion in Tinsukia
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:31 PM IST

ধনদাবীৰে জড়িত প্ৰাক্তন আলফা সদস্য আৰু গৃহৰক্ষী জোৱানাক গ্ৰেপ্তাৰ

তিনিচুকীয়া, 23 ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাত শেহতীয়াকৈ সঘনে সংঘটিত হৈছে ডকাইতি, ধনদাবী আদিৰ দৰে ঘটনা ৷ বিভিন্ন সময়ত আলফা (স্বাধীন)ৰ নামতো ধনদাবী কৰি ছালফা সহিতে এটা দুষ্ট চক্ৰ আৰক্ষীৰ জালত পৰিছে ৷ পুনৰ জিলাখনত ধনদাবী কৰা 6 ডকাইত আৰক্ষীৰ জালত পৰিছে ৷ ইয়াৰ ভিতৰত আছে প্ৰাক্তন আলফা আৰু গৃহৰক্ষী জোৱান ৷ সম্প্ৰতি এই আটাইকেইটা অপৰাধী পেঙেৰী থানাৰ লকাপত ৷

উল্লেখ্য যে 10 লাখ টকা দাবী কৰা ধন নিৰ্দিষ্ট সময়ত আদায় নিদিলে পুত্ৰক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি দি যোৱা 20 ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত বেবেজীয়া গাঁৱৰ এখন সুলভমুল্যৰ দোকান তথা ঘৰত লুটপাত কৰি নগদ 1 লাখ 80 হেজাৰ টকাসহ সোণৰ আ-অলংকাৰ আৰু সামগ্ৰী লুট কৰিছিল এই ডকাইতৰ দলটোৱে ৷

ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ দিয়াৰ 24 ঘন্টা নৌহওঁতেই পেঙেৰী থানাই জিলা আৰক্ষীৰ সহযোগত দলটোৰ আটাইকেইটা সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে ডকাইতিকাণ্ডত ব্যৱহাৰ কৰা তিনিটাকৈ বন্দুক, দা, তৰোৱালসহ নগদ 70 হেজাৰ টকা, সোণৰ আ-অলংকাৰ আৰু লুট কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ডকাইতৰ দলটোত আছিল দুৱাৰমৰা বালিজান গাঁৱৰ ক্ৰমে ছালফা সন্তোষ লামা(25), অবিনাশ ওৰাং(18), প্ৰেম পাটৰ (27), লাচিত মুড়া(27) আৰু ডিৰাক সোনজান গাঁৱৰ ক্ৰমে বিজুল মৰাণ (33) আৰু ৰত্নেশ্বৰ বৰুৱা ওৰফে টেতন (32) ৷ ইয়াৰে ৰত্নেশ্বৰ বৰুৱা ওৰফে টেতন দুলিয়াজানৰ অইল ক্ষেত্ৰত কৰ্মৰত গৃহৰক্ষী জোৱান আছিল ৷ সম্প্ৰতি এই আটাইকেইটা ডকাইতকে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Fake currency:মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন, তেল ডিপো’ত নকল নোট দি পলায়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.