ETV Bharat / state

Biennial Conference of AJYCP: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি বাৰ্ষিক অধিৱেশন উদযাপন - শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন উদযাপন (20th Biennial Conference of AJYCP) ৷ শদিয়াস্থিত ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উদযাপন কৰা হৈছে এই অধিৱেশন ৷

20th Biennial Conference of AJYCP at Bhupen Hazarika Samannya Kshetra at Sadiya Tinsukia
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়াৰ অধিৱেশন
author img

By

Published : Jan 7, 2023, 12:14 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়াৰ অধিৱেশন

তিনিচুকীয়া, 7 জানুৱাৰী: উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে শদিয়াৰ ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত ৷ অনুষ্ঠিত কৰা হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) বিংশতিতম দ্বি-বাৰ্ষিক শদিয়া কেন্দ্ৰীয় অধিৱেশনখন ৷ অধিৱেশনৰ শুকুৰবাৰে আছিল দ্বিতীয়টো দিন (20th Biennial Conference of AJYCP) ৷

"এইবাৰ শদিয়াই ক’ব আৰু অসমে শুনিব" এই বাক্যশাৰীক মূল মন্ত হিচাবে লৈ উদযাপন কৰা হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখন ৷ 5 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হোৱা এই অধিৱেশন আগন্তুক 6, 7 আৰু 8 জানুৱাৰী লৈকে চলিব ৷

শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনৰ ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম জাতীয়তাবাদী যু্ৱ-ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন (Bhupen Hazarika Samannya Kshetra at Sadiya) । শুকুৰবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন, শ্বহীদ তৰ্পন অনুষ্ঠিত হৈ যায় ৷ পৰিষদৰ পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰানা প্ৰতাপ বৰুৱাই ৷

লগতে পঢ়ক: Foundation stone of ABCF and ABOWF: নিখিল বড়ো সাংস্কৃতিক মঞ্চ-আবৌফৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

ইফালে শ্বহীদ তৰ্পন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে । শ্বহীদ তৰ্পন কৰি পলাশ চাংমাইয়ে উদাত্ত কণ্ঠত আগবঢ়ালে ভাষণ । আন্তঃৰাজ্যিক পাৰপত্ৰ অসমে নোপোৱা পৰ্যন্ত আন্দোলনৰো হুংকাৰ দিলে চাংমাইয়ে ৷

পলাশ চাংমাইৰ ভাষণৰ পিছতেই পৰৱৰ্তী কাৰ্যসূচীৰ অংশ হিচাপে অসম-অৰুণাচল প্ৰদেশ সমন্বয় সাংস্কৃতিক সমাৰোহ এখনিও অনুষ্ঠিত হয় ৷ সমান্তৰালকৈ চপাখোৱা খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হয় সেই দিনটোৰ প্ৰতিনিধি সভাখন ৷ পৰৱৰ্তী প্ৰতিনিধি সভাতেই নতুন প্ৰজন্মৰ নতুন নেতৃত্বত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন সমিতি গঠন হ’ব আৰু তাৰ সমান্তৰালভাৱে মূল মণ্ডপত জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াৰ সংগীতানুষ্ঠান চলি থাকিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

আজিৰ কাৰ্যসূচী হিচাপে শদিয়াৰ চহৰৰ মাজেৰে এক বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে অসম আৰু অৰুণাচলৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব আৰু বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হ’ব (Celebrates 20th Biennial Conference of AJYCP) ৷

লগতে পঢ়ক: Biennial Session of CSU: ৰাজগড় আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.