ধুবুৰী, 9 মাৰ্চঃ দক্ষিণ শালমাৰাত নৱবিবাহিত বোৱাৰীৰ আত্মহত্যাক লৈ চাঞ্চল্যৰ সৃষ্টি ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বিটিএডিস্থিত মাক্ৰিঝৰা অঞ্চলৰ ফজৰ আলীৰ কন্যা ফৰিদা বেগমৰ এমাহ পূৰ্বে সামাজিক ৰীতি-নীতিৰে দক্ষিণ শালমাৰা আৰক্ষী থানা অন্তৰ্গত আব্বাছ আলী নামৰ এজন যুৱকৰ স'তে বিবাহ সম্পন্ন হয় ৷
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বিবাহৰ পাছৰ পৰাই শাৰীৰিক নিৰ্যাতন বলি হৈছিল ফৰিদা বেগম ৷ সেয়ে বিবাহৰ পাছত কিছু দিন মাতৃগৃহতে থাকি দেওবাৰে স্বামী গৃহলৈ উভতি যায় ফৰিদা ৷ দেওবাৰে সন্ধিয়া ফৰিদাৰ ওপৰত চলা অত্যাচাৰক লৈ স্বামী গৃহত এখন বিচাৰ সভা বহুৱাই ৷ যদিও পৰৱৰ্তী সময়ত স্বামী গৃহৰ গোহালি ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ন বোৱাৰী ফৰিদাৰ মৃতদেহ ।
ফৰিদাৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷ আনহাতে দক্ষিণ শালমাৰা আৰক্ষীয়ে ফৰিদাৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে চাহাব উদ্দিন নামৰ এজন দেওৱানীৰ লগতে অন্য দুজন দেওৱানীক সোধা পোচৰ বাবে আটক কৰে । কিন্তু এই পৰ্যন্ত ফৰিদাৰ স্বামী আব্বাছ আলীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।