তেজপুৰ, 9 মে': বহিঃৰাজ্যৰ পৰা উত্তৰ অসমৰ পাঁচ খন জিলালৈ আহিবলগীয়া লোকসকলৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে । তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয়ক, জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইন জ'নত পৰিণত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । চৰকাৰী তথ্য অনুসৰি ইতিমধ্যে জিলাখনত ৭৭ জন লোক আহি পাইছে আৰু তাৰ ভিতৰত ৩৮ জন লোকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে । ইয়াৰ ভিতৰত ১৪ জনৰ দেহত কৰ'ণা নিগেটিভ পোৱা গৈছে ।
বিদ্যালয়খনত শনিবাৰে এটা পৰীক্ষাগাৰো সাজি উলিওৱা হৈছে শ্ৰেণী কোঠাৰ ভিতৰতে । তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা৹ ৰিণী দুৱৰাই জনাই যে, বৰ্তমানলৈকে স্বাস্থ্য বিভাগে প্ৰায় ১০০ জনৰো অধিক লোকক ইয়াৰ বাবে নিয়োজিত কৰিছে । স্বাস্থ্যকৰ্মী সকলৰ কৰ্মৰ সময় 3 টা শ্বিফ্ট অনুযায়ী ভাগ কৰি দিয়া হৈছে । শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, ধেমাজি আৰু লক্ষীমপুৰ জিলাক সামৰি এই জ'নেল স্ক্ৰীনিং আৰু কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে ।
লগতে পঢ়কঃ ণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা গুৱাহাটী দন্ত মহাবিদ্যালয়ৰ চিকিৎসালয় এলেকা