ETV Bharat / state

শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ

ভাঙি লণ্ড-ভণ্ড কৰিলে কেবাটাও বাসগৃহ ৷ খেতিপথাৰত প্ৰৱেশ কৰি নষ্ট কৰে বহু শস্য ৷

শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ
author img

By

Published : Jun 14, 2019, 3:08 PM IST

শোণিতপুৰ,14 জুনঃ ৰাজ্যত হস্তী মানৱৰ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ দিনক দিনে বৃদ্ধি পাইছে এই সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটা বন্যহস্তীয়ে চাৰিদুৱাৰত আতংকৰ সৃষ্টি কৰে শুকুৰবাৰে শোণিতপুৰৰ বিভিন্ন অঞ্চলত ৷ জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ চাৰিদুৱাৰ অঞ্চলত এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰাৰ পিচত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷

শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি 'লাডেন' নামৰ বনৰীয়া হাতীটোৰ লগতে অন্য বনৰীয়া হাতীয়ে বৃহত্তৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বনৰীয়া হাতীটোৱে বালিপৰাৰ নামঢেকেৰী গাঁৱত এটা বাসগৃহ ভঙাৰ লগতে চাৰিদুৱাৰৰ ভকতগাঁও,উলুবাৰী পথ হৈ বৃহত্তৰ অঞ্চলটোত খাদ্যৰ সন্ধানত বিচৰণ কৰি ফুৰাত গঞা ৰাইজৰ লগতে উক্ত পথচোৱাৰে অহা-যোৱা কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চৰকাৰী কৰ্মচাৰীসকল আতংকিত হয় । ইফালে ভকতগাওঁ আৰু উলুবাৰী অঞ্চলত কেইবাবিঘা খেতি পথাৰ বনৰীয়া হাতীটোয়ে গছকি নষ্ট কৰে । অৱশ্যে পাছত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত স্থানীয় ৰাইজে বনৰীয়া হাতীটোক বালিপৰা সংৰক্ষিত বনাঞ্চলৰ দিশে খেদি পঠাবলৈ সক্ষম হয় ৷

Intro:শোণিতপুৰৰ চাৰিদুৱাৰত দিন দুপৰতে এটা বন্যহস্তীৰ মুক্ত বিচৰণঃ আতংকিত ৰাইজ।Body:ৰঙাপৰাঃ অবাধ গতিত বনাঞ্চল ধ্বংস হোৱাৰ কৰুণ পৰিণতিত আজি হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। খাদ্যৰ অভাৱত বনৰীয়া জীৱ-জন্তুবোৰৰ সমান্তৰাল ভাৱে বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আছিছে। তেনে সময়ত আজি শোণিতপুৰ জিলাৰ তথা অসম-অৰুণাচল সীমান্তৰ চাৰিদুৱাৰ অঞ্চলত এটা বনৰীয়া হাতীৰ আগমন ঘটে। ইয়াকে লৈ পুৱাৰে পৰা ৰাইজ আতংকিত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি 'লাডেন' নামেৰে জনাজাত বনৰীয়া হাতীটোৰ লগতে অন্য বনৰীয়া হাতীয়ে বৃহত্তৰ অঞ্চলটোত ত্রাসৰ সৃষ্টি কৰি অআহিছে। প্ৰকাণ্ড বনৰীয়া হাতীটোৰ মুক্ত ভাৱে বিচৰণ কৰি থকাত স্থানীয় ৰাইজ বাৰুকৈয়ে আতংকিত হৈ পৰিছে। পুৱাৰে পৰা বনৰীয়া হাতীটোৱে বালিপৰাৰ নামঢেকেৰী গাঁৱত এটা বাসগৃহ ভঙাৰ লগতে চাৰিদুৱাৰৰ ভকতগাঁও, উলুবাৰী পথ হৈ বৃহত্তৰ অঞ্চলটোত খাদ্যৰ সন্ধানত বিচৰণ কৰি ফুৰাত গঞা ৰাইজৰ লগতে উক্ত পথচোৱাৰে অহা-যোৱা কৰা বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু চৰকাৰী কৰ্মচাৰীসকল আতংকিত হৈ পৰা পৰিলক্ষিত হয়। ইফালে ভকতগাওঁ আৰু উলুবাৰী অঞ্চলত কেইবাবিঘা খেতি পথাৰ অকলশৰীয়া বনৰীয়া হাতীটোয়ে গছকি নষ্ট কৰে। অৱশ্যে পাছত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত স্থানীয় ৰাইজে বনৰীয়া হাতীটোক বালিপৰা সংৰক্ষিত বনাঞ্চলৰ দিশে খেদি পঠাবলৈ সক্ষম হয়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.