তেজপুৰ, ৫ জুন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিহীয়া এন্টি পশিং কেম্পৰ কিছু নিলগত উত্তৰ দিশে এটা ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে এন্টি পশিং কেম্পৰ কিছু নিলগত এটা ৪ বছৰীয়া মতা ঢেকিয়াপতীয়া বাঘ মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ।
জানিব পৰা মতে, বাঘটোৰ দেহত আঘাতৰ চিন পোৱা গৈছে । দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই বাঘটোৰ মৃত্যু ঘটিছিল বুলি বন বিভাগে জানিবলৈ দিছে । ৰাষ্ট্ৰীয় টাইগাৰ আইনৰ অধীনত বাঘটোৰ মৃতদেহটোৰ সৎকাৰ সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে, সম্পূৰ্ণ পৰীক্ষাৰ অন্তত বনকৰ্মী আৰু বিষয়াসকলে মৃত বাঘটোৰ সৎকাৰৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক : টীয়কত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন