ETV Bharat / state

নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে নৌ সেনাৰ কমাণ্ডাৰসকলৰ বৈঠক - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

দেশৰ শীৰ্ষ নৌ সেনাৰ কমাণ্ডাৰসকলৰ অংশগ্ৰহণেৰে সোমবাৰৰ পৰা তিনিদিনীয়া এখন বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীত ৷ প্ৰথমটো দিনত আলোচনাচক্ৰত উপস্থিত হৈ কমাণ্ডাৰসকলৰ সৈতে আলোচনাত মিলিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

নতুন দিল্লী
নতুন দিল্লী
author img

By

Published : Aug 19, 2020, 12:38 PM IST

নিউজ ডেস্ক, 19 আগষ্ট: বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হয় দেশৰ শীৰ্ষ নৌ সেনাৰ কমাণ্ডাৰসকলৰ তিনিদিনীয়া আলোচনাচক্ৰ ৷ লাডাখৰ ভাৰত-চীন সীমান্ত বিবাদ আৰু অঞ্চলটোৰ সুৰক্ষা আদি বিষয়ত আলোচনা কৰা হ'ব এই বৈঠকত ৷ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ ভাৰতীয় নৌ সেনাৰ প্ৰস্তুতিৰ লগতে এছিয়া মহাদেশৰ সুৰক্ষা আৰু এই ক্ষেত্ৰত ভাৰতৰ গুৰুত্বতা সম্পৰ্কতো নৌ সেনাৰ শীৰ্ষ কমাণ্ডাৰসকলে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰৰ সূত্ৰই ৷

নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে নৌ সেনাৰ কামাণ্ডাৰসকলৰ বৈঠক

বুধবাৰৰ পৰা আৰম্ভ হোৱা এই আলোচনাচক্ৰত কমাণ্ডাৰসকলৰ সৈতে আলোচনাত মিলিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ আলোচনাচক্ৰত উপস্থিত হৈ ভাৰতত কৰ'ণা মহামাৰীৰ সময়ত নৌ সেনাৰ বিভিন্ন উদ্ধাৰ অভিযানৰ প্ৰশংসা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

লগত পঢ়ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.