ETV Bharat / state

চিকিৎসকৰ পৰ্যবেক্ষণত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৰ্গবিহীন গঁড়টো - ওৰাং ৰাষ্ট্ৰীয় উদ্যান

চিকিৎসক তথা বন বিভাগৰ সম্পূৰ্ণ নিৰীক্ষণত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৰ্গবিহীন গঁড়টো ৷ বৃহস্পতিবাৰে ট্ৰেনকুলেইজাৰ কৰি অসম ৰাজ্যিক পশু চিকিৎসালয় চাৰিজনীয়া চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰি আছে আহত গঁড়টোক ৷ চলিত মাহৰ 10 তাৰিখৰ পৰা ট্ৰেনকুলেইজাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে চিকিৎসা প্ৰদান কৰা থকা হৈছে আহত গঁড়টোক(Injured rhino of Orang National Park is being treated) ৷

Injured rhino of Orang National Park is being treated
চিকিৎসকৰ পৰ্যবেক্ষণত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৰ্গবিহীন গঁড়টো
author img

By

Published : May 13, 2022, 1:44 PM IST

তেজপুৰ, 13 মে’ : চিকিৎসকৰ নিৰীক্ষণত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৰ্গবিহীন গঁড়টো ৷ বৃহস্পতিবাৰে পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৰ্গ বিহীন গঁড়টোৰ চিকিৎসা প্ৰদান কৰে অসম ৰাজ্যিক পশু চিকিৎসালয় চাৰিজনীয়া চিকিৎসকৰ এটা দলে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ তথা মঙলদৈ ডিভিজনৰ বন প্ৰাধিকাৰী প্ৰদীপ্ত বৰাই উল্লেখ কৰা অনুসৰি, ইতিমধ্যে মতা গঁড়টোৰ চিকিৎসা চলি আছে ৷

বন বিভাগৰ লগতে পশু চিকিৎসকৰ দ্বাৰা পৰ্যবেক্ষণত ৰখা হৈছে আহত গঁড়টোক ৷ তথ্য অনুসৰি বিগত 26 এপ্ৰিলৰ দিনা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীসকলে উদ্যানখনৰ জোৰ পোখোৰি মাগুৰমাৰীৰ (Jor pokhori magormari) খৈয়ৰাচালি এলেকাত প্ৰত্যক্ষ কৰে খৰ্গবিহীন গঁড়টোক (Poachers cut off rhino horns) ৷

তাৰ পাচতে বনকৰ্মীসকলে অৱগত কৰে উৰ্দ্ধতম কৰ্তৃপক্ষক । ইফালে চোৰাং চিকাৰীৰ আঘাতৰ ফলত খৰ্গবিহীন হোৱা আহত গঁড়টোৱে উদ্যানখনৰ ভিতৰতে ছটফটাবলৈ ধৰে ৷ পৰৱৰ্তী সময়ত গঁড়টোক ভালদৰে পৰ্যবেক্ষণ কৰি অৱশেষত 10 মে'ৰ দিনা চিকিৎসকৰ এট দলে ট্ৰেনকুলেইজাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে চিকিৎসা প্ৰদান কৰে ৷

লগতে পঢ়ক : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ

বৃহস্পতিবাৰেও পুনৰবাৰ চিকিৎসা প্ৰদান কৰাৰ বাবে আহত গঁড়টোক ট্ৰেনকুলেইজ কৰা হয় ৷ তথ্য অনুসৰি, পূৰ্বতকৈ কিছু সুস্থ হৈছে আহত খৰ্গবিহীন গঁড়টো ৷ চিকিৎসকৰ দলটোৱে সন্দেহ কৰা অনুসৰি, গঁড়টোক প্ৰথমতে চোৰাং চিকাৰীয়ে ট্ৰেনকুলেইজাৰ কৰা হয় ৷ তাৰ পাচতে চিকাৰীয়ে কুঠাৰৰে খৰ্গটো কাটি লৈ যায় ৷

মন কৰিবলগীয়া যে, বিগত 2017 চনৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইটোৱেই প্ৰথম গঁড় চিকাৰৰ ঘটনা ৷ আনকি জীৱন্তে গঁড়ৰ খৰ্গ লৈ উধাও হোৱা চিকাৰৰ ঘটনা । ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰে দৰং আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যানখনত বিগত সময়চোৱাত 23% গঁড় সংখ্যা বৃদ্ধি পাইছে (Rhino Population Increases at Orang National Park) ৷

2018 চনৰ পিয়ল অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত 101 টা গঁড় আছিল আৰু বৰ্তমান সংখ্যা বৃদ্ধি পাই 125 টা হৈছে । এই 125 টাৰ ভিতৰত 43 টা মতা আৰু 49 জনী মাইকী আৰু 23 টা পোৱালি গঁড় আছে ৷ ইয়াৰ মাজত 10 টাৰ বৰ্ণ ধৰিব পৰা হোৱা নাই । ৰাষ্ট্ৰীয় উদ্যানখনত 2018 চনৰ পৰা গঁড় গণনা হোৱা নাই (Rhino census of Orang National Park) ।

আনহাতে, অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এই বছৰৰ এইটো প্ৰথম গঁড় চিকাৰ ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক : জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.