ETV Bharat / state

ৰঙাপৰা সমষ্টিত সমুখ সমৰত দুই প্ৰাক্তন আদিবাসী ছাত্ৰ নেতা

author img

By

Published : Mar 6, 2021, 8:34 PM IST

শোণিতপুৰ জিলাৰ 74 নং ৰঙাপৰা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে দুজনকৈ প্ৰাক্তন চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাই ৷ এজনে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে এজনে অসম জাতীয় পৰিষদ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

the-election-will-be-very-interesting-at-rangapara-constituency
ৰঙাপাৰাত এইবাৰ লক্ষণীয় হ'ব নিৰ্বাচনী যুঁজ

তেজপুৰ,6 মাৰ্চ: আগন্তুক বিধানসভাৰ নিৰ্বাচনত শোণিতপুৰ জিলাৰ 74 নং ৰঙাপৰা সমষ্টিত অতি গুৰুত্বপূৰ্ণ হ'ব নিৰ্বাচনী ৰণ ৷ কাৰণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দুজন প্ৰাক্তন নেতাৰ মাজত এইবাৰ সমষ্টিটোত হ'ব মূল নিৰ্বাচনী যুঁজ ৷ এই নেতা দুগৰাকী হৈছে ক্ৰমে চাহ জনজাতি ছাত্ৰ সন্থা 'আটছা'ৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতী আৰু আন গৰাকী হৈছে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা প্ৰাক্তন চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা অজয় মাধৱ তাঁতী ৷ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আগন্তুক নিৰ্বাচনত ৰাইজে তেওঁক বিপুল ভোটত জয়যুক্ত কৰিব ৷ ইফালে ৰঙাপৰা সমষ্টিত এইবাৰ বিজেপিৰ লগতে মূল নিৰ্বাচনী যুজঁ হ'ব বুলি দাবী কৰি ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰি অসম জাতীয় পৰিষদক জয়যুক্ত কৰিব বুলি দাবী কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতীয়ে ৷

বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ মন্তব্য

শনিবাৰে তেজপুৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত উপস্থিত হৈ টিকটৰ বাবে কোনোধৰণৰ আবেদন নকৰাকৈয়ে বিজেপিৰ পৰা টিকট লাভ কৰিছে বুলি উল্লেখ কৰি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে কৃষ্ণ কমল তাঁতীয়ে ৷ লগতে তেওঁৰ প্ৰতিদ্বন্দি এজেপিৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতীয়ে চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা পদ ত্যাগ নকৰাকৈ ৰাজনৈতিক পাৰ্টীৰ প্ৰাৰ্থীত্ব লাভ কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁক ৱাক অভাৰ দিলে বুলি মন্তব্য কৰে ৷

নিৰ্বাচন সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতীৰ মন্তব্য

আনহাতে এজেপিৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতী য়ে কয় যে "মই ৰঙাপৰা সমষ্টিৰ হকে আৰু চাহ জনজাতি সকলৰ হকে মাত মাতিম কাৰণ মোৰ মাতৃয়ে আজিও চাহ বাগিচাত পাত তুলি আছে ৷ গতিকে চাহ জনজাতীয় লোকসকলৰ দুখ মই বুজি পাঁও ৷"

লগতে পঢ়কঃ মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.