ETV Bharat / state

তেজপুৰ নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

author img

By

Published : Nov 1, 2021, 10:02 PM IST

প্ৰকাশ পালে তেজপুৰ নিৰ্বাচন জিলাৰ সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা । ১ ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত সংশোধনীৰ বাবে আৱেদন কৰিব পাৰিব ভোটাৰ সকলে ৷

tezpur draft voter list released
প্ৰকাশ পালে তেজপুৰ নিৰ্বাচন জিলাৰ সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা

তেজপুৰ, ১ নৱেম্বৰ : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে শনিবাৰে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত উক্ত সভাত তেজপুৰ নিৰ্বাচন জিলাৰ ২০২১ বৰ্ষৰ সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ।

জানিব পৰা মতে, শোণিতপুৰ জিলাৰ ৫ সমষ্টিৰ মুঠ ৯,৩৬,৩০৩ গৰাকী ভোটাৰ এই খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰে ৪,৭২,৬১৭ গৰাকী পুৰুষ, ৪,৬৩,৬৭০ গৰাকী মহিলা আৰু ১৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ১ নবেম্ববৰ পৰা ৩০ নবেম্বৰলৈ জিলাখনৰ ভোটাৰ ৰাইজে ভোটাৰ তালিকাত নাম অৰ্ন্তভুক্ত কৰাৰ লগতে কোনো তথ্য সংশোধনীৰ বাবে আৱেদন কৰিব পাৰিব ।

লগতে পঢ়ক: লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

আনহাতে, ১ ডিচেম্ববৰ পৰা ২০ ডিচেম্বৰলৈ জিলাখনৰ পাঁচটা সমষ্টিতে শুনানি অনুষ্ঠিত হ’ব আৰু ১ জানুৱাৰী, ২০২২ ক ভিত্তি হিচাপে লৈ চূড়ান্ত ভোটাৰ তালিকা ২০২২ৰ ৫ জানুৱাৰীত প্ৰকাশ পাব ৷

এক সংবাদমেল সম্বোধন কৰি জিলা নির্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ভূপেশ চন্দ্র দাসে জিলাখনৰ যিসকল লোকে অহা ১ জানুৱাৰী ২০২২ তাৰিখে ১৮ বছৰ সম্পূৰ্ণ হ’ব তেখেতসকলক নতুন ভোটাৰ হিচাপে নিজৰ নাম অৰ্ন্তভুক্ত কৰিবৰ বাবে আহ্বান জনায় ৷ সভাত তেজপুৰৰ নিৰ্বাচন বিষয়া আশুতোষ ডেকা আৰু ৫টা সমষ্টিৰ ই.আৰ.অ' সকল উপস্থিত থাকে ।

লগতে পঢ়ক: অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.