তেজপুৰ, 21 আগষ্টঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ মন্ত্ৰী পৰিষদৰ এগৰাকী মন্ত্ৰীয়ে ভাৰতৰ লগতে অসমকো পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিসূচক মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম মুছলিম ছাত্ৰ সন্থা ৷ শুকুৰবাৰে তেজপুৰত পাকিস্তানক সকিয়নী প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ তেজপুৰ শাখাই ৷ ইয়াৰোপৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিকৃতিও দাহ কৰে সংগঠনটোৰ সদস্যসকলে ৷
আনহাতে, পকিস্তানৰ এই ভাবুকিৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰত চৰকাৰক আহ্বান জনায় আমছুৱে ৷