ETV Bharat / state

দিল্লীৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তেজপুৰৰ ছয়জন লোকে - তবলিগ ই জামাত

অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ব্যক্তিৰ কথা পোহৰলৈ অহাৰ পিছত অধিক তৎপৰ হৈছে ৰাজ্যৰ প্ৰশাসন তথা স্বাস্থ্য বিভাগ ৷ কিছুদিন পূৰ্বে দিল্লীৰ তবলিগ ই জামাতৰ ধৰ্মীয় সভাত অংশগ্ৰহণ কৰা লোকসকলৰ সন্ধানত এতিয়া তৎপৰ প্ৰশাসন ৷ ব্যতিক্ৰম নহ’ল তেজপুৰতো ৷

Sonitpur nijamuddin dargah story tezpur
দিল্লীৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ তেজপুৰৰ ছয়জন লোকৰ
author img

By

Published : Apr 1, 2020, 2:39 PM IST

তেজপুৰ,1 এপ্ৰিলঃ কিছুদিন পূৰ্বে নতুন দিল্লীৰ তবলিগ ই জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা অসমৰ লোকৰ তথ্য পোহৰলৈ অহাত ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো এক উদ্বিগ্নতা বিৰাজ কৰে ৷ অসম চৰকাৰে এই তালিকা লাভ কৰাৰ পিছত প্ৰতিখন জিলালৈ এক নিৰ্দেশ জাৰি কৰি লোকসকলক চিনাক্ত কৰাৰ লগতে কুৱেৰেণ্টাইনত ৰাখিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী শৰ্মাই টুইটযোগে এই কথা সদৰী কৰে ৷ শোণিতপুৰৰ পৰা উক্ত ধৰ্মীয় সভাত ছয়জন লোকে অংশগ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে ৷

দিল্লীৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ তেজপুৰৰ ছয়জন লোকৰ

বিষয় সন্দৰ্ভত ইটিভিৰ সাংবাদিকে শোণিতপুৰ জিলা প্ৰশাসনৰ লগত কৰা যোগাযোগৰ চেষ্টা বিফল হয় ৷ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, শোণিতপুৰ জিলাৰ ৰঙাপাৰা,ঢেকীয়াজুলি,চাৰিদুৱাৰ আৰু তেজপুৰ সদৰৰ লোকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৷ বৰ্তমান এইসকল লোক দিল্লীত আছে বুলি জানিব পৰা গৈছে ।

লগতে চাওকঃ তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীক বিচাৰি জিলা-জিলাই আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.