ETV Bharat / state

ৰঙাপৰাত সামাজিক সচেতনতাৰ বাৰ্তাৰে বিশেষ কলা যাত্ৰা

author img

By

Published : Sep 20, 2020, 9:32 AM IST

শনিবাৰে ৰঙাপৰাত ভাৰত চৰকাৰৰ বিধি আৰু ন্যায় মন্ত্ৰণালয়ৰ সহযোগত সাংস্কৃতিক কৰ্মীসকলে সামাজিক সচেতনতাৰ বাৰ্তা লৈ বাগিচাই বাগিচাই বিশেষ কলা যাত্ৰা ৰূপায়ন কৰে ৷ মাদল আৰু ঝুমুৰ গীতৰ সুৰে সুৰে ঝুমুৰ পাৰ্টী জিন্দাবাদ ধ্বনি দিয়ে কৰ্মীসকলে ৷

Social message spread in Rangapara
ৰঙাপৰাত বিশেষ কলা যাত্ৰা ৰূপায়ন

ৰঙাপৰা, 20 ছেপ্তেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে ভাৰত চৰকাৰৰ বিধি আৰু ন্যায় মন্ত্ৰণালয়ৰ সহযোগত সামাজিক সচেতনতাৰ বাৰ্তা লৈ বাগিচাই বাগিচাই বিশেষ কলা যাত্ৰা ৰূপায়ন কৰে এদল সাংস্কৃতিক কৰ্মীয়ে ৷ মাদল আৰু ঝুমুৰ গীতৰ সুৰে সুৰে ঝুমুৰ পাৰ্টী জিন্দাবাদ, ঝুমুৰ পাৰ্টী জিন্দাবাদ ধ্বনি দিয়ে এজাক সাংস্কৃতিক কৰ্মীয়ে ।

কাৰ্যসূচীৰ মাজতে হঠাৎ এগৰাকী বৃদ্ধই কান্দি কান্দি তিনিদিন পূৰ্বে সন্ধানহীন হোৱা কন্যাক দলটোৰ মাজলৈ বিচাৰি আহে । অঞ্চলটোৰ এজন মহৰীয়ে কৰ্ম সংস্থাপনৰ প্ৰলোভন দি বৃদ্ধ গৰাকীৰ কন্যাক পলুৱাই নিয়া বুলি জানিব পৰা গৈছে ৷ অৱশেষত বাগিছাৰ এজন যুৱকে যুৱতী গৰাকীক উদ্ধাৰ কৰি অপৰাধীকো আটক কৰিবলৈ সক্ষম হয় ।

ৰঙাপৰাত বিশেষ কলা যাত্ৰা ৰূপায়ন

সেয়েহে, অঞ্চলটোৰ আমাৰীবাৰী চাহ বাগিচা, ধেন্দাই চাহ বাগিচা, ঠাকুৰবাৰী চাহ বাগিচা, নামগাঁও চাহ বাগিচা আৰু শিংৰিজান চাহ বাগিচাত প্ৰায় 20 মিনিটৰ সময় ধৰি ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰীৰ ৰচনা আৰু পৰিচালনাৰে মানৱ সৰবৰাহ, যৌতুক, ঘৰুৱা হিংসা, বিনামুলীয়া আইনী সাহাৰ্য আদিৰ বিৰুদ্ধে বাটৰ নাট, গীত, ঝুমুইৰ নৃত্যৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰে । নাট্য শিল্পীৰ দলটোৰ নেতৃত্ব দিয়ে জিলাখনৰ বিশিষ্ট সাংস্কৃতিক আৰু সমাজকৰ্মী ৰাজেন ৰহি দাসে ।

ইয়াৰ লগতে, এই অনুষ্ঠানত ক’ভিড-19ৰ স্বাস্থ্য বিধি-নিৰ্দেশনা পালন কৰি শ্ৰমিক ৰাইজক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.