ETV Bharat / state

Fake army man arrested in Tezpur: নিজকে সেনা জোৱান বুলি যহাই জালত সোমাল তেজপুৰৰ জিয়াবুল - Fake army man arrested in Tezpur

এসময়ত সেনা চাউনীত ৰান্ধনী হিচাপে কৰ্মৰত আছিল তেজপুৰৰ জিয়াবুল ইছলাম ৷ কাৰ্যকাল শেষ হোৱাৰ পাচতো সেনাৰ পৰা লাভ কৰা পৰিচয় পত্ৰ, নাম ফলক ব্যৱহাৰ কৰি নিজকে সেনা জোৱান বুলি পৰিচয় দি আহিছিল লোকজনে (Fake army man arrested in Tezpur)৷ অৱশেষত সেনাৰ ইণ্টেলিজেণ্ট গ্ৰুপৰ চকুত পৰিল জিয়াবুলৰ এই কাণ্ড ৷ বাকীখিনি তদন্তৰ আওতাত ৷

Fake army in Tezpur
নিজকে সেনা জোৱান বুলি যহাই জালত সোমাল তেজপুৰৰ জিয়াবুল
author img

By

Published : Jul 9, 2022, 9:17 PM IST

তেজপুৰ, ৯ জুলাই: তেজপুৰৰ শালনীবাৰী আৰক্ষীয়ে আটক কৰে এজন ভুৱা সেনা জোৱানক (Fake army man arrested in Tezpur) ৷ নিজকে সেনা জোৱান হিচাবে পৰিচয় দি আহিছিল জিয়াবুল ইছলাম নামৰ লোকজনে ৷ সেনাৰ ইণ্টেলিজেণ্ট গ্ৰুপৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত লোকজনৰ বাসগৃহত অভিযান চলায় আৰক্ষীয়ে ৷

শ'লমৰাৰ সেনা চাওনিৰ (Solmara Army Camp) নিকটৱৰ্তী চিদ্দিক আলিৰ পুত্ৰ মঃ জিয়াবুল ইছলামে দীৰ্ঘদিন ধৰি সেনা জোৱানৰ বেশত চলাফুৰা কৰি থকাৰ খবৰ লাভ কৰিছিল সেনাৰ ইণ্টেলিজেণ্ট গ্ৰুপে ৷ সেনাৰ তথ্যৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে নিজা বাসগহৰ পৰাই আটক কৰে লোকজনক ৷ লোকজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে সেনাৰ পোচাক, নাম ফলক, জোতাৰ লগতে বহু সামগ্ৰী জব্দ কৰে (Fake Army in Tezpur)৷

নিজকে সেনা জোৱান বুলি যহাই জালত সোমাল তেজপুৰৰ জিয়াবুল

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জিয়াবুল ইছলাম পূৰ্বে সেনা চাউনিত ৰান্ধনী হিচাবে কৰ্মৰত আছিল(Man previously working as cook in army camp) ৷ সেই সূত্ৰে সেনা বাহিনীৰ পৰা লাভ কৰা বাহনৰ পাছ, পৰিচয় পত্ৰ আদিj বৈধতা সমাপ্ত হোৱাৰ পাচতো অবৈধভাৱে ব্যৱহাৰ কৰি আহিছিল ৷

লগতে পঢ়ক: CM visits Vineet residence: কৰযোৰে ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.