ETV Bharat / state

Road safety week: তেজপুৰত জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ বৈঠক - traffic rules breakers

ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এখন বৈঠক ৷ এই বৈঠকত কিদৰে ৰাইজক সজাগ কৰিব পাৰি সেই সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷

Road safety week
তেজপুৰত জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ বৈঠক
author img

By

Published : Jan 12, 2023, 8:47 PM IST

তেজপুৰ, 12 ডিচেম্বৰ : চলিত বৰ্ষৰ পথ সুৰক্ষা সজাগতা সপ্তাহৰ(Road safety week) লগত সংগতি ৰাখি বৃহস্পতিবাৰে শোণিতপুৰ জিলাখনতো অনুষ্ঠিত কৰা হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক ৷ জিলাখনৰ এক অন্যতম দুৰ্ঘটনা-প্ৰৱণ অঞ্চল হিচাপে চিনাক্ত হোৱা তেজপুৰৰ সমীপৰ হলেশ্বৰৰ ৰাজেন বৰঠাকুৰ সোঁৱৰণী প্ৰেক্ষাগৃহত এই বৈঠক অনুষ্ঠিত কৰা হয় (Road safety week in Tezpur) ৷

জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাৰ অধ্যক্ষতা অনুষ্ঠিত এই বৈঠকত 2022 চনৰ 22 ডিচেম্বৰত অনুষ্ঠিত হোৱা জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তসমূহৰ লগতে সংশ্লিষ্ট বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰা হয় ।

Road safety week
তেজপুৰত জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ বৈঠক

জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সভাত ভাষণ প্ৰসংগত কয় ‘‘যোৱা 11 জানুৱাৰীৰ পৰা চলি থকা পথ সুৰক্ষা সজাগতা সপ্তাহৰ(Assam road safety week) অংশ হিচাপে অঞ্চলটোৰ ৰাইজৰ মাজত পথ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত কৰা হৈছে ।’’ লগতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে জিলাখনত সংঘটিত দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে প্ৰশানসৰ তৰফৰ পৰা যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে বুলিও উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷

সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে কয়, ‘‘পথ সুৰক্ষা আইন উলংঘাকাৰীসকলৰ(traffic rules breakers) বিৰুদ্ধে সমগ্ৰ জিলাখনত নিয়মিতভাৱে কঠোৰ অভিযান চলাই থকা হৈছে লগতে বিভিন্ন থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক তৃণমূল পৰ্যায়ত পথ সুৰক্ষাৰ নিয়মৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে নিয়োজিত কৰা হৈছে ৷’’ লগতে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব অজিত মেধিয়ে সংশ্লিষ্ট সকলো বিষয়াক জিলাখনত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে নিষ্ঠাৰে আৰু সমন্বয়ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, 2022 চনৰ নবেম্বৰ মাহত দণ্ডাধীশ, লোক নিৰ্মান বিভাগৰ অভিযন্তা , আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াৰে(Transport Department) তিনিটা পৃথক দল গঠন কৰা হয় আৰু সমগ্ৰ শোণিতপুৰ জিলাৰ দুৰ্ঘটনা প্ৰৱণ অঞ্চল চিনাক্ত কৰিবলৈ জৰীপ চলোৱা হয় ৷ প্ৰয়োজন অনুসৰি এই স্থানসমূহত পথৰ চিহ্ন, ৰিফ্লেক্টৰ, ৰামবল ষ্ট্ৰিপ আৰু স্পীডব্ৰেকাৰ আদি স্থাপন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি, দোলাবাৰীত ৰামবল ষ্ট্ৰিপ আৰু পথ চিহ্ন, পৰুৱা চাৰিআলিত গতি হ্ৰাস কৰিবলৈ ৰামবল ষ্ট্ৰিপ, মিছন চাৰিআলিত পথচাৰীৰ বাবে জেব্ৰা ক্ৰছিং আৰু ৰামবল ষ্ট্ৰিপ ইতিমধ্যে স্থাপন কৰা হৈছে বুলি সদৰী কৰে লোক নিৰ্মাণ নগাঁও পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা যতীন বুঢ়াগোহাঁইয়ে ।

তেওঁ লগতে জনায় যে, যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিয়াভৰলী নদীৰ ওপৰত থকা দলংখনৰ মেৰামতিৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে । যান-বাহনৰ গতি হ্ৰাস কৰিবলৈ হালেশ্বৰত ৰামবল ষ্ট্ৰিপৰ লগতে পথৰ চিহ্ন স্থাপনৰ কাম দুদিনমানৰ ভিতৰত সম্পূৰ্ণ হ’ব ৷ ইয়াৰোপৰি জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা অনুসৰি চিনাক্ত কৰা অন্যান্য স্থানতো অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

বৃহস্পতিবাৰৰ সভাত হলেশ্বৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী জিতেন বৰঠাকুৰ আৰু দেৱেশ্বৰ শৰ্মাইয়ো অংশগ্ৰহণ কৰি অঞ্চলটোৰ পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰি পথ সুৰক্ষা সমিতিক এই সমস্যাসমূহৰ সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । বৈঠকত সংশ্লিষ্ট বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী, পৰিবহণ আৰু আৰক্ষী বিষয়াসকলৰ লগতে স্থানীয় লোকো অংশগ্ৰহণ কৰে । উল্লেখ্য যে, 11 জানুৱাৰীৰ পৰা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সমগ্ৰ জিলাতে বিভিন্ন কাৰ্যসূচীৰে পথ সুৰক্ষা সজাগতা সপ্তাহৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক: Road safety week 2023 : পথ সুৰক্ষা সপ্তাহ উপলক্ষে টীয়কত চকু পৰীক্ষা শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.