বিশ্বনাথ, ২০ জুন: কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ এটা উন্মুক্ত গাঁতত এগৰাকী ছাত্ৰী স্কুটি দুৰ্ঘটনাগ্ৰস্ত হৈ মুত্যুমুখত পৰিছিল । ছাত্ৰীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল । ইয়াৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তসকলক কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল । ৰাজ্যৰ পথসমূহৰ দুৱস্থাৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্ব কিমান সেই সন্দৰ্ভত উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বাৰ্তালাপ কৰাৰ লগতে জিলা উপায়ুক্তসকলক কঠোৰ নিৰ্দেশনা দিছিল ৷
ৰাজপথৰ পুখুৰী সদৃশ উন্মুক্ত গাঁত আৰু নলাসমূহত 8৮ ঘন্টাৰ ভিতৰত বাঁহৰ বেৰিকেড দিয়া ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছিল । লগতে ৰঙা ফ্লেগ আঁৰি দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা কৰিবলৈ কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ প্ৰশাসনক কঠোৰ নিৰ্দেশনা দিছিল । কিন্তু এই কঠোৰ নিৰ্দেশনাৰ প্ৰতি প্ৰশাসনে কিমান গুৰুত্ব প্ৰদান কৰিছে সেয়া ৰাজ্যবাসী বাবে ডাঙৰ প্ৰশ্ন । এই সন্দৰ্ভত ইটিভি ভাৰতে চলোৱা এক অভিযানত ওলাই পৰিল বিশ্বনাথ মহকুমা প্ৰশাসনৰ ফোপোলা স্বৰূপ ।
শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমা প্ৰশাসনেও লোকনিৰ্মাণ বিভাগৰ অধীনৰ দুটা বিধ্বস্ত পথৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে বিহালী সমষ্টিৰ বৰঝাৰণি আৰু জিনজিয়াবাসীয়ে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে জিনজিয়া আৰু বৰঝাৰণিলৈ যোৱা পথচোৱাৰ বাবে এতিয়া বিপদত পৰিছে অঞ্চলবাসী । পথটো শোলমাৰি অঞ্চলত থকা এখন পকী দলঙৰ ওপৰত দীৰ্ঘদিন ধৰি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে । ইফালে,উক্ত পথটোত থকা গাঁতত দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো বাইক আৰোহীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ।
আনহাতে,উক্ত পথটোৰ পৰা পশ্চিমে জিনজিয়া চেন্টাৰৰ পৰা মিজিকালৈ যোৱা পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা এমাহো হোৱা নাই । তেনে সময়তে উক্ত পথটোত থকা এখন পকী দলঙৰ মাজৰ অংশটোত এতিয়া প্ৰকাণ্ড গাঁত হোৱাত ৰ'ড ওলাই উন্মুক্ত হৈ ৰাজপথত পৰি থকাত বিপাঙত পৰিছে পথচাৰী । উল্লেখযোগ্য যে উক্ত পথ দুটাৰ দুৰৱস্থাৰ কথা ইতিমধ্যে স্থানীয় সচেতন লোকে বিহালী সমষ্টিত থকা লোকনিৰ্মাণ বিভাগৰ অভিযন্তা বিদ্যুৎ বিকাশ আৰু বিশ্বনাথ মহকুমা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক বাৰে বাৰে অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।
যি সময়ত মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে, উন্মুক্ত গাঁত দেখাৰ লগে লগে প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে, সেই আহ্বানৰ প্ৰতি যেন বিহালী-বৰগাং ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ গুৰুত্ব দিয়া নাই । বিষয়াগৰাকীয়ে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে বিহালীৰ বিভিন্ন দল-সংগঠন । ইফালে, যিমানেই ধাৰাষাৰ বৰষুণ দিছে সিমানেই এতিয়া অঞ্চলটোৰ ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হৈছে । কাৰণ বৰষুণৰ পানী ফলত পথৰ মাজত থকা গাঁতসমূহত পানী জমা হোৱাত নিশা পথচাৰীয়ে যাত্ৰা কৰাত সমস্যাৰ সন্মুখীন হৈছে । পথচোৱাৰ গাঁতসমূহ শীঘ্ৰে মেৰামতি নকৰিলে অধিক ভয়াবহতা ৰূপ ল'ব ।
আনহাতে,বৰ্তমান পথটো ব্যৱহাৰৰ অনুপযুক্ত হোৱাৰ লগতে পথচোৱা একেবাৰে দ'খাৱৈত পৰিণত হোৱাৰ ফলত সেই পথেৰে নিতৌ যাত্ৰা কৰা যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । উল্লেখ্য যে উক্ত পথটো অতি গুৰুত্বপূৰ্ণ যিটো পথেৰে অৰুণাচল প্ৰদেশৰ বৰঝাৰণি,তিনিসুঁতি মিজিকা হৈ পাভৈ,বিশ্বনাথ চাৰিআলিৰ বালিচাঙলৈ যাত্ৰা কৰিব পাৰে ৷
লগতে পঢ়ক:Ambubachi 2023 : অম্বুবাচী উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে কামাখ্যা ধামত