ETV Bharat / state

Ganakantha Newspaper Unveiled : তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

author img

By

Published : Feb 10, 2023, 8:30 PM IST

ছপা মাধ্যমৰ প্ৰতি পাঠকৰ বিৰাগ ভাব জন্মাৰ সময়তে তেজপুৰত আত্মপ্ৰকাশ নতুন বাতৰিকাকতৰ । তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন (preamble issue of Ganakantha newspaper unveiled) ।

Tezpur
Tezpur
তেজপুৰত নতুন সাপ্তাহিক কাকত উন্মোচন

তেজপুৰ, ১০ ফেব্ৰুৱাৰী : অসমৰ বাতৰিকাকতৰ ইতিহাসত আজিৰে পৰা সংযোজিত হ'ল আন এখন সাপ্তাহিক কাকত (new newspaper from Tezpur) । কলা, সাহিত্য তথা সংস্কৃতিৰ ঐতিহ্যমণ্ডিত স্থান তেজপুৰ চহৰৰ পৰা এইবাৰ প্ৰকাশ পালে গণকণ্ঠ নামৰ এখন সাপ্তাহিক বাতৰিকাকত (new weekly newspaper unveiled in Tezpur) ৷ শুকুৰবাৰে তেজপুৰ সাহিত্য সভা ভৱনত কাকতখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (preamble issue of Ganakantha newspaper unveiled) ৷

উল্লেখযোগ্য যে ৰাজ্যখনৰ বহু লেখক আৰু সাংবাদিক জন্ম দিয়াৰ ক্ষেত্ৰত এসময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা তথা তেজপুৰৰ পৰা প্ৰকাশিত মহাজাতি কাকতখনৰ বিলুপ্তিৰ পাছৰে পৰাই সংবাদ পত্ৰ ৰিক্তপ্ৰায় হৈ পৰা তেজপুৰত এখন সাপ্তাহিক কাকতৰ প্ৰয়োজনীয়তা অনুভৱ কৰিয়েই গণকণ্ঠ প্ৰকাশৰ বাবে আগবাঢ়ি আহে তেজপুৰৰ ছিগাল ছপাশালৰ স্বত্বাধিকাৰী কুলেন ভৰালী ৷

অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰাণজিৎ হাজৰিকাৰ সম্পাদনাৰে প্ৰকাশ পোৱা গণকণ্ঠ কাকতৰ প্ৰস্তাৱনা সংখ্যাটোৰ উন্মোচনী সভাত বিশিষ্ট স্তম্ভ লেখক তথা নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতি, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই এই কাকতখনে তেজপুৰ তথা শোণিতপুৰ জিলাবাসীৰ আদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰাৰ লগতে নৱপ্ৰজন্মৰ লেখক সাংবাদিক সৃষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে ৷ গাম্ভীৰ্যপূৰ্ণ এই উন্মোচনী সভাত তেজপুৰৰ বহুকেইজন লেখক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে বৰ্তমান ডিজিটেল মাধ্যমৰ সময়ত ছপা মাধ্যমে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । বৈদ্যুতিন মাধ্যমৰ বিকাশৰ লগে লগে ছপা মাধ্যমৰ কাকত তথা আলোচনী আদিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে এক প্ৰকাৰ অস্তিত্বৰ সংকটত ককবকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয় । এফালে বৈদ্যুতিন মাধ্যমৰ তীব্ৰ প্ৰতিযোগিতা আৰু আনফালে ছপা মাধ্যমৰ প্ৰতি পাঠকৰ উদাসীনতাৰ বাবে এসময়ৰ বহু পঠিত আৰু বহুলভাৱে প্ৰচাৰিত বহুকেইখন বাতৰিকাকতৰ প্ৰচলন সংখ্যা টুটি আহিবলৈ ধৰে ।

লগতে বহুকেইখন বাতৰিকাকতে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হয় । অৱশ্যে তাৰ মাজতো বাতৰিকাকতৰ আদৰ কমা নাই বুলি বিভিন্ন সময়ত দাবী কৰি অহা হৈছে । কিন্তু অতি শেহতীয়াভাৱে ডিজিটেল মিডিয়াই যিটো গতিত মূৰ দাঙি উঠিছে তেনে পৰিপ্ৰেক্ষিতত বাতৰিকাকত তথা আলোচনীসমূহৰ বাবে যে তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে সেইটো এক প্ৰকাৰ সত্য । লগতে মানুহ যিমানেই ডিজিটেলাইজড হৈছে মানুহৰ হাতত সময় নোহোৱাৰ অজুহাতত ছপা মাধ্যমৰ প্ৰতি বাধ্য হৈছে অনীহা প্ৰদৰ্শনৰো অভিযোগ উত্থাপন হয় । তেনে এক সন্ধিক্ষণত তেজপুৰৰ পৰা এখন নতুন কাকত প্ৰকাশৰ বিষয়টো নিশ্চিতভাৱে সাধুবাদ পোৱাৰ যোগ্য ।

লগতে পঢ়ক :Strike For OPS : পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.