ETV Bharat / state

Halangi green field Airport: হলঙি গ্ৰীণ ফিল্ড বিমানবন্দৰত যাত্ৰীবাহী বিমানৰ পৰীক্ষামূলক অৱতৰণ

author img

By

Published : Jul 19, 2022, 2:00 PM IST

এয়াৰ ইণ্ডিয়াৰ এ টি আৰ যাত্ৰীবাহী বিমানে (Air India ATR passenger aircraft) আজি পুৱাৰ ভাগত সুকলমে অৱতৰণ কৰে বুলি টুইটাৰযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu twitted)। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পৰা ১৫ কিলোমিটাৰ দক্ষিণে হলঙিত মুঠ ৬৪৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই বিমানবন্দৰত যাত্ৰীবাহী ঘৰুৱা বিমান চলাচল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।

a
a

তেজপুৰ, ১৯ জুলাই : যাত্ৰীবাহী বিমান পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত এখোজ আগবাঢ়িল অৰুণাচল প্ৰদেশ (Arunachal Pradesh step forward in passenger air transport) । এই বিমান পৰিবহণৰ নতুন মাইলৰ খুঁটি স্থাপন হয় মঙলবাৰে । অৰুণাচল প্ৰদেশৰ হলঙিৰ গ্ৰীণ ফিল্ড বিমানবন্দৰত আজি পৰীক্ষামূলক প্ৰথম যাত্ৰীবাহী বিমানে অৱতৰণ কৰে (passenger plane landed at Halangi Green Field Airport Arunachal) ।

এয়াৰ ইণ্ডিয়াৰ বিমান এ টি আৰ যাত্ৰীবাহী বিমানে (Air India ATR passenger aircraft ) আজি পুৱাৰ ভাগত সুকলমে অৱতৰণ কৰে বুলি টুইটাৰযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu twitted)। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পৰা ১৫ কিলোমিটাৰ দক্ষিণে হলঙিত মুঠ ৬৪৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই বিমানবন্দৰত যাত্ৰীবাহী ঘৰুৱা বিমান চলাচল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।

উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত ভাৰতীয় বিমান সেৱা প্ৰাধিকৰণে (Indian Airlines Authority) নিৰ্মাণ কৰিছে উক্ত বিমানবন্দৰটো । উক্ত বিমানবন্দৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ ফলত ৰাজধানী ইটানগৰৰ পৰা অন্য ঠাইলৈ যোগাযোগ ব্যৱস্থা সুচল হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে । আজি উক্ত বিমানবন্দৰটোত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকাৰীয়ে (Indian Airlines Authority) প্ৰথম ঘৰুৱা বিমান সফলভাৱে পৰীক্ষমূলক অৱতৰণ কৰোৱায় (first domestic aircraft successfully pilot landing at Halangi) ।

আনহাতে, উক্ত বিমানবন্দৰটো নিৰ্মাণৰ ফলত অৰুণাচল প্ৰদেশক উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী খাণ্ডুৱে । অৱশ্যে অহা ১৫ আগষ্টৰ পৰাহে এই বিমানবন্দৰটো নিয়মীয়াকৈ মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :19 Assam workers missing in Arunachal: অৰুণাচল প্ৰদেশত অসমৰ 19 জন শ্ৰমিক সন্ধানহীন: এজনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.