ETV Bharat / state

তেজপুৰত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক - তেজপুৰত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামসমূহৰ অগ্ৰগতি সম্পৰ্কে বুজ ল'বলৈ সোমবাৰে তেজপুৰত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী নৱ কুমাৰ দলে,মন্ত্ৰী ৰঞ্জিৎ দত্তৰ লগতে দুয়োখন জিলাৰ একাংশ বিধায়কে ৷

p&rd minister naba doley attended a review meeting in tezpur

author img

By

Published : Jun 8, 2020, 5:32 PM IST

তেজপুৰ, 8 জুনঃ সোমবাৰে তেজপুৰত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী নৱ দলেই ৷ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামসমূহক লৈ অনুষ্ঠিত হয় এই বৈঠকখন ৷ পৰ্যালোচনা বৈঠকৰ অন্তত এখন সংবামেল সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷

তেজপুৰত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

দুয়োখন জিলাৰ বিধায়ক আৰু জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিৎ দত্ত উপস্থিত থকা এই বৈঠকখনত এমজিএনৰেগা আৰু পঞ্চায়তৰ কাম সমূহ যাতে সোনকালেই সমাধা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ বিষয়াসকলক আহ্বান জনায় ৷ আনহাতে এমজিএনৰেগাৰ মজুৰী হাৰ পূৰ্বতকৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি ই অসমৰ খাটি খোৱা লোক সকলৰ বাবে যথেষ্ট পৰিমাণে সহায় কৰিব বুলি উল্লেখ কৰে গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে জিলা পঞ্চায়তৰ ব্লকসমূহৰ কাম অহা ২ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ অখিল গগৈক বিনাচৰ্তে মুক্তি দিবলৈ কলগাছিয়াত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.