ETV Bharat / state

তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা

author img

By

Published : May 31, 2020, 9:31 AM IST

এই কথা প্ৰকাশ কৰিছে বিমানবন্দটোৰ প্ৰাধিকাৰী আৰ এন সিঙে ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশতে লক ডাউন বাহাল থকাৰ বাবে বিমানবন্দৰ সমূহ বন্ধ হৈ পৰিছিল যদিও শেহতীয়া কৈ ২৫ মে'ৰ পৰা পুনৰ আৰম্ভ হৈছে বিমান চলাচল ৷

Nubmer of domestic flight to increase at Tezpur salanibari airport
তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা

তেজপুৰ, 31 মে': আগন্তুক চাৰি মাহৰ ভিতৰত তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা ৷ এই কথা প্ৰকাশ কৰিছে বিমানবন্দৰ প্ৰাধিকাৰী আৰ এন সিঙে ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশতে লক ডাউন বাহাল থকাৰ বাবে বিমানবন্দৰ সমূহ বন্ধ হৈ পৰিছিল যদিও শেহতীয়া কৈ ২৫ মে'ৰ পৰা পুনৰ আৰম্ভ হৈছে বিমান চলাচল ৷

উল্লেখ্য যে, আৰম্ভণিতে তেজপুৰ বিমানবন্দৰৰ পৰা দুখন বিমানে চলাচল কৰিছিল যদিও পৰৱৰ্তী সময়ত বিমানবন্দৰটোৰ পৰা এয়াৰ ইণ্ডিয়াৰ ATR বিমানৰ চলাচল কৰে । আনহাতে দেশত যেতিয়া উৰান অভিযানৰ জৰিয়তে সমগ্ৰ বিমানবন্দৰ সমূহ যোগাযোগ ব্যৱস্থা কৰে সেই সময়তে তেজপুৰ বিমানবন্দৰত ঝুম এয়াৰ লাইনছ জৰিয়তে যাত্ৰীবাহী বিমান চলাচল কৰিছিল ৷ কিন্তু ২০১৯ চনৰ শেষৰফালে এই অভিযানৰ অন্তৰ্ভুক্ত হোৱা বিমান সমূহ ঝুম এয়াৰ লাইনে তেওঁলোকৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বন্ধ কৰি দিয়ে । ইয়াৰ সমান্তৰালকৈ এয়াৰ ইণ্ডিয়াৰ ATR বিমানো বন্ধ হৈ পৰে । বৰ্তমান এয়াৰ ইণ্ডিয়াৰ বিমান কলকাতাৰ পৰা গুৱাহাটী হৈ অৰুণাচল প্ৰদেশৰ পাছিঘাট হৈ তেজপুৰ বিমানবন্দৰ প্ৰবেশ কৰে যাৰ ফলত যাত্ৰীৰ ৩ ঘন্টা অতিৰিক্ত সময় নষ্ট হয় । বিমানবন্দৰটোৰ প্ৰাধিকাৰী আৰ এন সিঙে জনোৱা অনুসৰি অক্টোবৰ মাহৰ প্ৰথম অৱস্থাত তেজপুৰলৈ নতুন ব্যক্তিগত প্ৰতিষ্ঠানৰ বিমান সংযোজন হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ কোভিড পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.