ETV Bharat / state

নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ ই এম এম হাস্পতালত উত্তপ্ত পৰিস্থিতি - তেজপুৰ আৰক্ষী

তেজপুৰৰ ই এম এম হাস্পতালত চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ ৷ চিকিৎসকৰ ঘোষণাক সহজভাৱে ল'ব নোৱাৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে প্ৰসূতি গৰাকীৰ পৰিয়ালৰ লোকে ৷

Newborn dies due to negligence of doctors
নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ ই এম এম হাস্পতালত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Nov 8, 2021, 5:02 PM IST

তেজপুৰ, ৮ নৱেম্বৰ : নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ ই এম এম হাস্পতালত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ দুটি যমজ সন্তানৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ তুলি চিকিৎসালয়ৰ বিভিন্ন আচ-বাব ভাঙি নষ্ট কৰে প্ৰসূতি গৰাকীৰ পৰিয়ালৰ লোকে ৷

পৰিয়ালৰ লোকে সদৰী কৰা মতে, প্ৰসূতি গৰাকী চিকিৎসালয়খনৰ চিকিৎসক এছ দেউৰী ভৰালীৰ তত্বাৱধানত আছিল ৷ প্ৰথমে চিকিৎসক গৰাকীয়ে অপৰিণত অৱস্থাত দুটি যজম সন্তানৰ এটি সন্তান প্ৰসূতী গৰাকীৰ গৰ্ভতে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল ৷ আনটি শিশুৰ জন্ম হোৱাৰ পাচত আইচিইউত ভৰ্তি কৰে চিকিৎসক গৰাকীয়ে ৷

নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ ই এম এম হাস্পতালত উত্তপ্ত পৰিস্থিতি

আইচিইউত ভৰ্তি কৰাৰ সময়লৈকে শিশুটি স্বাভাৱিক অৱস্থাত থকা বুলি পৰিয়ালৰ লোকক জনাইছিল চিকিৎসক গৰাকীয়ে ৷ কিন্তু আশ্চৰ্যজনকভাৱে সোমবাৰে পুৱাৰ ভাগত শিশুটি মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷ তদুপৰি পৰৱৰ্তী সময়ত শিশুটি অপৈনত আছিল বুলি চিকিৎসকে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ১১ নৱেম্বৰত শপত‌ ল'ব নৱ নিৰ্বাচিত পাঁচ বিধায়কে

এই খবৰ লাভ কৰাৰ পাচতে চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সষ্টি কৰে পৰিয়ালৰ লোকে ৷ এই ঘটনাৰ বাবে চিকিৎসক ডাক্তৰ এছ দেউৰী ভৰালীক জগৰীয়া কৰে পৰিয়ালৰ লোকে । পৰিস্থিতি এনে পৰ্যায় পায় যে, তেজপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

ইফালে, দেওবাৰে নিশা ভুক্তভোগী মহিলা গৰাকীৰ চিকিৎসাৰ বাবে সময়ত চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে । লগতে নিশা প্ৰসূতি গৰাকীৰ আত্মীয়ক শিশুটিৰ কোনোধৰণৰ তথ্য জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, এই বিষয়ত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাক্তৰ মনোজ মিৰধাই জনায় যে, এটি অপৈনত শিশুক জীয়াই ৰখাটো কোনো চিকিৎসকৰ বাবে সম্ভৱ নহয় ৷ এইয়া কোনো চিকিৎসা বিজ্ঞানৰ বাবেও সম্ভৱ নহয় বুলি সদৰী কৰে স্বত্বাধিকাৰ গৰাকীয়ে ।

লগতে পঢ়ক: লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.