তেজপুৰ, 12 ফেব্ৰুৱাৰী : উত্তৰাখণ্ডৰ চামোলিৰ ভয়ানক দুৰ্ঘটনাৰ পিচত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অসমতো তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰাৰ সন্দেহ কৰা হৈছে ৷ কিয়নো নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই ইতিমধ্যে লখিমপুৰ, ধেমাজি জিলাত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰি আহিছে ৷ যদিহে উত্তৰাখণ্ডৰ দৰে পৰিস্থিতি অসমতো সৃষ্টি হয় তেতিয়াহলে নিশ্চিতভাৱে অসম-অৰুণাচল প্ৰদেশলৈ যে অশনি সংকেত নামি আহিব সেয়া নিশ্চিত ৷
ইফালে, নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলৰ চিস্মলজি জন'ত অৱস্থিত । যি অঞ্চল ভূমিকম্পন প্ৰাব্যল্য ৪ নং স্থানত অন্তভূৰ্ক্ত ।
আনহাতে, নামনি সোৱণশিৰি জিলাৰ গেৰুকামুখৰ 2000 মেগাৱাটৰ এই জলবিদ্যুত প্রকল্প বিগত সময়চোৱাত দুবাৰকৈ ফাট মেলিছিল যদিও পৰৱৰ্তী সময়ত ইয়াক পুনৰ মেৰামতি কৰা হয় । আনহাতে, জলবিদ্যুৎ প্ৰকল্প ব্ৰহ্মপুত্ৰৰ বক্ষত স্থাপন কৰা হৈছে নদীৰ বক্ষৰ পৰা 116 মিটাৰ উচ্চতাত ইয়াৰ দেৱাল স্থাপন কৰা হৈছে ।
লগতে পঢ়ক : চৰকাৰে অখিল গগৈলৈ ভয় কৰি জেলৰ পৰা মুকলি কৰি দিয়া নাই: ৰাইজৰ দল
ব্ৰহ্মপুত্ৰ নদী অৰুণাচল প্ৰদেশত লোহিত নামেৰে পৰিচিত আৰু তিব্বতৰ য়াৰলুং চাম্পু ৰ পৰা বৈ আহিছে । ইতিমধ্যে বিভিন্ন বিশেষজ্ঞৰ ভিন্ন প্ৰকাৰৰ মত প্ৰকাশ পাইছে গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পৰ বাবে অসমৰ বিভিন্ন সংগঠনে আৰু সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ কৰাৰ ফলত এই নিৰ্মান কাৰ্য স্থগিত ৰাখি বিগত সময়চোৱাত আই আই টি ৰ বিশেষজ্ঞৰ জৰিয়তে অসম তথা কেন্দ্ৰীয় চৰকাৰে এক প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই সময়ত এই প্ৰজেক্টৰ নিৰ্মাণ কার্য বন্ধ হৈ আছিল । ঢুলীগংগা নদীৰ ওপৰত তপোৱান ভিষ্ণুগেড হাইড্ৰ পাৱাৰ প্ৰজেক্ট উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰজেক্ট সমূহ বিশেষকৈ গেৰুকামুখতকৈ যথেষ্ট পৰিমাণে সৰু আৰু ইয়াতেই প্ৰকৃতিৰ ৰুষত ৰুষ্ট হৈ ২০০ ৰ অধিক লোক মৃত্যু মুখত পৰে ।
নামনি সোৱণশিৰিৰ এই জলবিদ্যুৎ প্ৰকল্পৰ কাম বিগত ২০১১ ডিচেম্বৰ মাহৰ ১৬ তাৰিখৰ পৰা বন্ধ হৈ পৰে অসম অৰুণাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনে নদী বান্ধ বিৰোধী আন্দোলনৰ বাবে । আনহাতে, এই প্ৰজেক্টৰ বন বিভাগৰ ভূমিৰ অবান্তৰ বাবেও কাম পলমকৈ হয় ১১৬ মিটাৰ নদীৰ বক্ষৰ পৰা উচ্চতা ২০০০ মেগাৱাট প্ৰকল্পৰ মুঠ ৮ তা ইউনিত ২৫০ মেগা ৱাটৰ ক্ষমতাৰ । এই প্ৰজেক্টৰ পৰিবেশ মন্ত্ৰণালয়ৰ অনুজ্ঞাপত্ৰ নং J-12011/40/2001-IA-I dated 16 july,2003 আৰু নিৰ্মাণ আৰম্ভ হয় 2005 চনৰ জানুৱাৰী মাহৰ পৰা ।
লগতে পঢ়ক : নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ আৰু অসমৰ চিয়াং, লোহিত আৰু অসমত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক আৰু গাঁওবাসী বিপদৰ সন্মুখত পৰে । লগতে, বহুতো ধন জন আৰু পশু-পক্ষী মৃত্যু মুখত পৰে । এই বান্ধৰ ওপৰত পানীৰ সোঁত ববলৈ আৰম্ভ কৰে নামনিৰ অসমৰ বিভিন্ন জিলা পানীৰ তলত জাহ যাব ।
চামলিৰ তপোৱান ভিষ্ণুগেড হাইড্ৰ পাৱাৰ প্ৰজেক্ট পাহাৰীয়া অঞ্চলত অৱস্থিত বাবে সেই পানী গাঁও অঞ্চলত বিশেষ ক্ষতি সাধন কৰা পৰিলক্ষিত হোৱা নাই যদি এই পৰিস্থিতি অসমৰ সমতল অঞ্চলত হোৱা হলে বহুতো ক্ষতিৰ আশংকা কৰা গল হয় । উদাহৰণস্বৰূপে, 2004 চনৰ মে' মাহত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ পাকে কিচাং নদীৰ চিজুচাৰ ভয়ানক প্ৰলয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকে স্মৰ্তব্য । পাকে নদীৰ পানীয়ে চিজুচাৰ পৰা বৰ দিকৰাই নদীয়ে ইটাখোলা, জয়সিদ্ধি, বালিজুৰিকে ধৰি জীয়া ভৰলী নদীত এটা বছৰৰ বাবে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
ফলস্বৰূপে কেইবাবছৰ ধৰি স্থানীয় কৃষকে পথাৰত খেতি কৰিবলৈ সক্ষম হোৱা নাছিল । মনকৰিবলগীয়া যে, অৰুণাচল প্ৰদেশৰ ভিন্ন জিলাত ইতিমধ্যে বহু সৰু সৰু জলবিদ্যু প্ৰকল্পৰ কাম সমাপ্ত হৈছে । 2000 মেগাৱাট ৰঙা নদীৰ প্ৰকল্পই উত্তৰ লখিমপুৰ জিলাত প্ৰলয়ঙ্কৰ বানৰ সৃষ্টি কৰে । যদি এই পৰিস্থিতি জটিল হয় অসম জলমগ্ন হোৱাৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰিব বুলি অনুমান কৰিব পাৰি ।
লগতে পঢ়ক : বিজেপিৰ প্ৰাৰ্থী হৈ পুনৰ ৰাজ্যসভালৈ মন মেলিছে বিশ্বজিৎ দৈমাৰীয়ে