ETV Bharat / state

Minor Girl Found Dead: ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু - ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু

ঢেকীয়াজুলিৰ ভকুৱামাৰীত শোৱাপাটীত উদ্ধাৰ কিশোৰীৰ মৃতদেহ(Minor Girl Found Dead) ৷ গুৱাহাটীৰ পৰা চিআইডি আৰু ফৰেনচিক দলৰ লগতে ড’গ স্কোৱাড উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Minor Girl Found Dead
ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Nov 16, 2022, 2:24 PM IST

তেজপুৰ ১৬ নৱেম্বৰ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত আলিচিঙাৰ সমীপৰ ভকুৱামাৰীত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে(Minor Girl Found Dead) ৷ আলিচিঙাৰ বাণী নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী কিশোৰীৰ মৃতদেহ শোৱাপাটীত উদ্ধাৰ হৈছিল মঙলবাৰে ৷ গাঁওখনৰ চামচুল হক নামৰ লোকজনৰ চৈধ্য বছৰীয়া কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Minor girl found dead in Dhekiajuli) ৷

Minor Girl Found Dead
ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে, সোমবাৰে নিশা ঘৰত চামচুল হক আৰু তেওঁৰ চৈধ্য বছৰীয়া কন্যাহে আছিল ৷ নিশা ভাত পানী শুই পৰাৰপিছত মঙলবাৰে পুৱা প্ৰায় ৪ বজাত চামুচল হক ওচৰৰে এটা মছজিদত নামাজ পঢ়িবলৈ যায় ৷ পুৱাৰ নামাজ পঢ়ি উভতি আহি লোকজনে জীয়াৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় ৷

শোণিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ ৷ ইয়াৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু ফৰেনছিকৰ দল উপস্থিত হয় ৷ ফৰেনছিকৰ দলটোৱে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইত বহু সময় অভিযান চলায় আৰু নমুনা আদি সংগ্ৰহ কৰে ৷ আৰক্ষীয়ে স্নিফাৰ ড’গৰ সহায়ত ঘটনাস্থলীত তদন্ত চলায় ৷

আৰক্ষীয়ে জনোৱা মতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যথেষ্ট তথ্য লাভ কৰিছে ৷ শীঘ্ৰেই ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহাৰ লগতে অভিযুক্ত জালত পৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰে ৷ চামচুল হকৰ ঘৰত উপস্থিত হোৱা স্থানীয় দণ্ডাধীশ তন্ময় বৰাৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

ইপিনে মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ ভিডিঅ’গ্ৰাফী হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ স্থানীয় ৰাইজে দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনায় ৷ শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে কিশোৰীগৰাকীৰ অস্বাভাৱিক মৃত্যু বুলি সংবাদমাধ্যমৰ আগত জনায় দোষীয়ে উচিত শাস্তি পাব বুলি মন্তব্য কৰে ।

ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰে সংবাদমাধ্যমত জনায় যে ইতিমধ্যেই ঘটনাস্থলীলৈ গুৱাহাটীৰ পৰা চিআইডি আৰু ফৰেনচিকৰ এটা দল উপস্থিত হোৱাৰ লগতে ড’গ স্কোৱাডৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.