ETV Bharat / state

সুখবৰ : পুনৰ কাজিৰঙালৈ আগমন দেশী-বিদেশী পৰ্যটকৰ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কৰ’ণা মহামাৰীৰ মাজতে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটিছে দেশী-বিদেশী পৰ্যটকৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ এমাহৰ ভিতৰতে মুঠ 13,568 গৰাকী দেশীয় পৰ্যটকৰ লগতে 27 গৰাকী বিদেশী পৰ্যটকৰ আগমণ ঘটিছে ৷ দেওবাৰৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনলৈ 1600 গৰাকী পৰ্যটক অহা বুলি উদ্যান সঞ্চালক পি শিৱ কুমাৰে সদৰি কৰে ৷

kaziranga national park tourists
পুনৰ কাজিৰঙালৈ আগমণ দেশী-বিদেশী পৰ্যটকৰ
author img

By

Published : Nov 23, 2020, 4:52 PM IST

তেজপুৰ,23 নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে শুভ লক্ষণ । কৰ’ণা মহামাৰীৰ মাজতে পুনৰ ৰাজ্যলৈ আগমন ঘটিছে দেশী-বিদেশী পৰ্যটকৰ । বিগত এমাহৰ ভিতৰতে সৰ্বাধিক পৰ্যটকৰ আগমণ ঘটা পৰিলক্ষিত হৈছে ৷

এমাহৰ ভিতৰতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ মুঠ 13,568 গৰাকী দেশীয় পৰ্যটকৰ লগতে 27 গৰাকী বিদেশী পৰ্যটকৰ আগমণ ঘটে ৷ এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷ আনহাতে দেওবাৰৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই গণনা কৰা মতে 1600 গৰাকী পৰ্যটক আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ।

উল্লেখ্য যে, 21 অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান মুকলি কৰি দিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । আনহাতে এইবেলি পৰ্যটকৰ বাবে 11 নৱেম্বৰৰ পৰা শুভাৰম্ভণি কৰে ভোমোৰাগুৰিৰ নদী পৰ্যটন । পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্য়ানত পুনৰ তিনিখন নতুন ঠাই সংযোজন কৰা হৈছে । ভোমোৰাগুৰি, বান্দৰ ডুবি আৰু চিৰাঙক সাঙুৰি লৈ তিনিটা নতুন বিষয় সংযোজন কৰা হৈছে । তেজপুৰৰ ভোমোৰাগুৰি দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ বুকুত নদী পৰ্যটনৰ মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য়ই ৷

পুনৰ কাজিৰঙালৈ আগমন দেশী-বিদেশী পৰ্যটকৰ

সঞ্চালক পি শিৱ কুমাৰে জনোৱা মতে, ভোমোৰাগুৰিত নদী পৰ্যটনে যথেষ্ট সঁহাৰি লাভ কৰিছে ।পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ বাবে অহা পৰ্যটকে কেৱল উদ্যানৰ ভিতৰত আৰু সংলগ্ন এলেকাসমূহ পৰিদৰ্শন কৰিছিল ৷ কিন্তু এতিয়া উদ্যান কৰ্তৃপক্ষই এই তিনিটা খণ্ড ভ্ৰমণৰ ব্যৱস্থা কৰিছে । ইয়াৰ ভিতৰত ভোমোৰাগুৰিৰ পৰা জীয়া ভৰলীলৈকে ৰাফটিং, বান্দৰ ডুবিত জীপ চাফাৰী আৰু চিৰাঙত ট্ৰেকিঙৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । পূৰ্বে ৰাফটিঙৰ বাবে পৰ্যটকসকল জীয়া ভৰলী আৰু কামেং নৈৰ মাজত সীমাবদ্ধ আছিল যদিও এই সংযোজনে ভোমোৰাগুৰিৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলীৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈকে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি ।

বিগত 3 ছেপ্তেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ তিনিটা বিষয় সংযোজন কৰা হৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজন কৰে । সপ্তম, অষ্টম আৰু নৱম সংযোজনত সামৰি লোৱা হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেইবাটাও অংশ । এই তিনিটা সংযোজনৰ সপ্তম সংযোজনৰ এলেকা নগাঁও জিলাৰ দেউচৰা পালখোৱা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট 176 হেক্টৰ, অষ্টম সংযোজন মুঠ 307 হেক্টৰ নগাঁও জিলাৰ বান্দৰডুবি আৰু নৱম সংযোজন শোণিতপুৰ জিলাৰ মৌ খোৱা চাপৰি মুঠ 2570 হেক্টৰ ভূমি সামৰি লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 430 বৰ্গ কিলোমিটাৰৰ ষষ্ঠ সংযোজন শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজন হৈ আছে । কিন্তু এই নতুনকৈ সংযোজিত হোৱা তিনি স্থান বেদখলৰ গৰাহত আছিল যদিও বৰ্তমান সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰে ।

লগতে পঢ়ক : বাঁহৰ জৰাজীৰ্ণ গৃহৰে চলিছে বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.